দেহত বয়সৰ চাপ নপৰাৰ কিটিপ

0
2727

মানৱ শৰীৰৰ বাবে এবিধ উপকাৰী পাচলি হৈছে বিট৷ ই সাধাৰণতে শীত কালত হয়৷ বিটৰ আছে অনেক ঔষধি গুণ৷ ইয়াৰ বৈজ্ঞানিক নাম বেটা ভালগাৰিছ (Beta vulgaris)৷ ই ১৪ ইঞ্চিলৈ ওখ হয়৷ ইয়াক ছালাড, জুচ, চুপ হিচাপে হিচাপে খোৱা হয়৷ বিট কাটিলে ইয়াৰ পৰা এবিধ ৰঙচুৱা ৰঙৰ ৰস ওলায়, যাক বিভিন্ন খাদ্যবস্তুৰ লগতে সুৰাত ব্যৱহৃত হয়৷ বিটামিন নামৰ উপাদান থকাৰ বাবে ইয়াৰ ৰস দেখিবলৈ ৰঙচুৱা হয়৷ বিশ্বৰ ভিতৰত আটাইতকৈ বেছি পৰিমাণে ৰাছিয়াত বিট উৎপাদন হয়৷ ইয়াত থকা এণ্টিঅক্সিডেণ্টে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে৷ আমেৰিকান হাৰ্ট এছ’চিয়েশ্যনৰ হাইপাৰটেনশ্যন নামৰ পত্ৰিকাত প্ৰকাশিত এক লেখা মতে, দৈনিক ২৫০ মিঃ লিঃকৈ বিটৰ ৰস সেৱন কৰিলে উচ্ছ ৰক্তচাপ নিয়ন্ত্ৰণ হয়৷ বিটে তেজৰ পৰা দূষিত পদাৰ্থ শোধন কৰাত লিভাৰক সহায় কৰে৷ বিটে হাওঁফাওঁ, ছাল, প্ৰষ্টেট কলন আদিৰ কৰ্কট ৰোগৰ পৰা সুৰক্ষা প্ৰদান কৰে৷ বিটত থকা এণ্টিএজিং ফৰ্মূলাই বাৰ্ধক্যজনিত চাপৰ পৰা ছালখন মুক্ত কৰি ৰখাৰ লগতে ছালখন সুন্দৰ আৰু মসৃণ কৰি ৰাখে৷ কোষ্ঠকাঠিন্য সমস্যাৰ পৰা সমাধা পাবলৈ নিয়মিত বিট খাব লাগে৷ ইয়াত থকা ডায়েটেৰী ফাইবাৰে শৰীৰৰ মেদ আৰু ওজন কমোৱাত মুখ্য ভূমিকা গ্ৰহণ কৰে৷ বিটত থকা ভিটামিন-এ আৰু বিটা কেৰ’টিনে চকুৰ বিভিন্ন সমস্যা ৰোধ কৰাত অৰিহণা যোগায়৷ বিটত থকা আইৰন, ভিটামিন-চি আৰু কপাৰে এনিমিয়াৰ দৰে মাৰাত্মক ৰোগ নিৰাময় কৰাত সহায় কৰে৷ সেয়েহে ঔষধি গুণেৰে ভৰপূৰ ঋতুকালীন পাচলি বিট আমি খোৱাটো খুবেই আৱশ্যক।

LEAVE A REPLY

Please enter your comment!
Please enter your name here