দেহত থাকে ছায়ানাইডৰ দৰে বিষ থকা পৃথিৱীৰ বিষাক্ত মাছবিধ

0
3

আমাৰ সকলোৰে বাবে মাছ এবিধ উত্তম তথা সুস্বাদু খাদ্য৷ বহু এনে লোকে আছে, যিসকলে মাছ অবিহনে এসাঁজো খাব নোৱাৰে৷ অৰ্থাৎ মাছ বিনে যেন এনে লোকৰ পেটলৈ এগৰাহো ভাত পেটলৈ নাযায়৷ মাছ সকলো লোকৰে প্ৰিয় খাদ্য তালিকাত পৰে৷ অকল সুস্বাদু বু্‌লি ক’লেই নহয়, মাছৰ পুষ্টিগুণে আমাৰ সকলোৰে বিদিত৷ উচ্ছ প্ৰ’টিনযুক্ত মাছে শাৰীৰিক বিভিন্ন সমস্যা সমাধান কৰাৰ লগতে শৰীৰক শক্তি প্ৰদান কৰে৷ আমাৰ চাৰিওফালে বিভিন্ন প্ৰজাতিৰ মাছ পোৱা যায়, যিবোৰে শৰীৰৰ বেলেগ বেলেগ ধৰণে উপকাৰ সাধন কৰে৷ অৰ্থাৎ মাছ ভেদে শাৰীৰিক স্বাস্থ্যৰ ক্ষেত্ৰতো উপকাৰিতা বেলেগ বেলেগ৷ আমাৰ ৰাজ্যতে মাছৰ বিভিন্ন প্ৰজাতিৰ পোৱা যায়, সেই অনুসৰি পুষ্টিগুণো ভিন্ন৷ কিন্তু আপুনি জানি হয়তো আচৰিত হ’ব যে পৃথিৱীত এনেধৰণৰ বিষাক্ত মাছো আছে, যি বিষতুল্য৷ অৰ্থাৎ এই প্ৰজাতিৰ মাছ খোৱাৰ ফলত শৰীৰৰ বাবে বিপজ্জনক হ’ব পাৰে৷ এই মাছবিধৰ নাম ষ্ট’ন ফিচ৷ Synanceia গোত্ৰৰ এই মাছক পৃথিৱীৰ সকলোতকৈ বিষাক্ত মাছ বুলি জনা যায়৷ সাধাৰণতে ভাৰত মহাসাগৰ আৰু প্ৰশান্ত মহাসাগৰীয় এলেকাৰ উপকূলীয় অঞ্চলত এই মাছবিধ পোৱা যায়৷ মানুহৰ গাত কেনেবাকৈ যদি ইয়াৰ দেহৰ কাঁইট লাগি যায়, তেনেহ’লে ভয়ানক যন্ত্ৰণা, শ্বাসকষ্ট, হূদযন্ত্ৰৰ সমস্যা, কনভালশ্যন, পেৰালাইছিছ তথা কেতিয়াবা মৃত্যুপৰ্যন্ত হ’ব পাৰে৷ এই মাছৰ বিষ ভয়ংকৰ বিষাক্ত৷ শুনি আচৰিত হ’ব যে এই ষ্ট’ন ফিচ কিন্তু খোৱা হয়৷ ভালদৰে ৰান্ধিলে ষ্ট’ন ফিচৰ শৰীৰত থকা বিষ নষ্ট হৈ যায়৷ জাপান, দক্ষিণ ফুজিয়ান, চীনৰ গুয়াঙদং, হংকং তথা ভিয়েটনাম আদি ঠাইত ষ্ট’ন ফিচ খোৱা হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here