দেশৰ ৰাজধানী দিল্লীয়ে গঢ়িলে ইতিহাস

0
1371

ভাৰতৰ ৰাজধানী নতুন দিল্লীক ২০২০ চনত একেৰাহে তৃতীয় বছৰৰ বাবে বিশ্বৰ আটাইতকৈ প্ৰদূষিত ৰাজধানী হিচাপে স্থান দিয়া হৈছে৷ প্ৰত্যেক বছৰে আই কিউ এয়াৰৰ দ্বাৰা এই জৰীপ চলোৱা হয়৷ গ্ৰীনপিচ দক্ষিণ-পূব এছিয়া বিশেষণ আৰু আই কিউ এয়াৰৰ এক অধ্যয়ন অনুসৰি, নতুন দিল্লীত পৰিৱেশৰ কাৰণত ২০২০ চনত ৫৪,০০০টা অকাল মৃত্যুৰ ঘটনা সংঘটিত হৈছিল৷

উল্লেখ্য যে নতুন দিল্লী হৈছে বিশ্বৰ ১০ সংখ্যক আটাইতকৈ দূষিত চহৰ আৰু শীৰ্ষ দূষিত ৰাজধানী চহৰ৷

ভাৰতৰ ২২খন চহৰ বিশ্বৰ ৩০খন শীৰ্ষ প্ৰদূষিত চহৰৰ ভিতৰত আছে৷ নতুন দিল্লীৰ উপৰি ভাৰতৰ আন ২১খন চহৰ হ’ল– গাজিয়াবাদ, বুলন্দচহৰ, বিছৰখ জালালপুৰ, নয়দা, গ্ৰেটাৰ নয়দা, কানপুৰ, লক্ষ্মৌ, মিৰাট, আগ্ৰা আৰু মুজাফৰনগৰ, ৰাজস্থানৰ ভিৱাৰী, ফৰিদাবাদ, জিন্দ, হিচাৰ, ফতেহাবাদ, বান্ধৱাৰী, গুৰুগ্ৰাম, যমুনানগৰ, ৰোহতক আৰু হাৰিয়ানাৰ ধাৰুহেৰা আৰু বিহাৰৰ মুজাফৰপুৰ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here