দেশৰ ভিতৰতে সকলোতকৈ কমসংখ্যক লোকে ভেক্চিন লোৱা জিলাখন জানেনে? এই জিলা আন ক’তো নহয়, খোদ অসম ৰাজ্যৰ দক্ষিণ শালমাৰা-মানকাচৰ জিলা৷ জিলাখনত মাত্ৰ ৩.২৪ শতাংশ লোকেহে কভিড-১৯ৰ ভেক্চিন লাভ কৰিছে৷ ইয়াৰ বিপৰীতে আকৌ দেশৰ ভিতৰতে সৰ্বাধিক ভেক্চিন লোৱা লোকৰ দহখন জিলাৰ তালিকাত অন্তৰ্ভুক্ত হৈছে কামৰূপ মহানগৰ জিলা৷ কামৰূপ মহানগৰ জিলাৰ ৪৫.৯৯ শতাংশ লোকেই ভেক্চিন লাভ কৰিছে৷ কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ে ভেক্চিন প্ৰদানৰ সন্দৰ্ভত প্ৰকাশ কৰা এখন প্ৰতিবেদনত এই তথ্য প্ৰকাশ পাইছে৷ সকলোতকৈ ডাঙৰ কথা যে দেশৰ ভিতৰতে কম ভেক্চিন লোৱা লোকৰ যি দহখন জিলাৰ তালিকা কেন্দ্ৰীয় স্বাস্থ্য বিভাগে প্ৰকাশ কৰিছে উক্ত তালিকাত অসমৰ বাক্সা জিলাৰ নামো অন্তৰ্ভুক্ত হৈছে৷ বাক্সা জিলাত এতিয়ালৈকে মাত্ৰ ৫.৩৬ শতাংশ লোকেহে কভিড-১৯ৰ ভেক্চিন লাভ কৰিছে৷ আনহাতে ভেক্চিন প্ৰদানৰ ক্ষেত্ৰত অসমৰ এই পুতৌজনক ছবিখনৰ বিপৰীতে সকলোতকৈ আগত থকা জিলাখন হৈছে পুডুচেৰীৰ মহা জিলা৷ উক্ত জিলাখনত ৬২.৯৯ শতাংশ লোকেই ভেক্চিন লাভ কৰিছে৷ উল্লেখ্য যে ৰাজ্যত অহা ২১ জুনৰ পৰা দৈনিক আঢ়ৈৰ পৰা তিনি লাখ লোকক ভেক্চিন দিয়াৰ লক্ষ্য লৈছে ৰাজ্যৰ স্বাস্থ্য বিভাগে৷ দৈনিক তিনি লাখকৈ লোকক ভেক্চিন দি পোন্ধৰ আগষ্টৰ ভিতৰত ১৮ বছৰৰ ওপৰৰ সকলো লোককে ভেক্চিন দিয়া কাম প্ৰায় সমাপ্ত কৰাৰ বাবে বিশেষ কৰ্মসূচী হাতত ল’ব বুলি স্বাস্থ্য বিভাগে প্ৰকাশ কৰিছে৷