দেশত ২৬ দিনৰ পাছত সংক্ৰমিতৰ সংখ্যা তিনি লাখতকৈ কম

0
1856


ভাৰতত কৰ’নাৰ সংক্ৰমণৰ দ্বিতীয়টো ঢৌৰ প্ৰভাৱ ক্ৰমাৎ হ্ৰাস পাবলৈ ধৰিছে৷ এই কথা প্ৰকাশ কৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ডাঃ হৰ্ষ বৰ্ধনে৷ ডাঃ হৰ্ষ বৰ্ধনে কয় যে মে’ মাহটোত যোৱা ১৭ মে’ৰ দিনটো আমাৰ বাবে আটাইতকৈ সুখৰ দিন, কিয়নো যোৱা ১৭ মে’ত নতুনকৈ সংক্ৰমণ হোৱা লোকৰ সংখ্যাতকৈ আৰোগ্য লাভ কৰা লোকৰ সংখ্যা এক লাখতকৈ অধিক আছিল৷ উল্লেখ্য যে বিগত ২৬ দিনৰ পাছত যোৱা ১৬ মে’ত দেশত তিনি লাখতকৈ কমসংখ্যক লোক এই ৰোগত আক্ৰান্ত হয়৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে দিয়া তথ্য অনুসৰি ভাৰতত ১৮ মে’ত মুঠ ২,৬৩,৫৩৩ জন লোক নতুনকৈ এই ৰোগত আক্ৰান্ত হয়৷ অৱশ্যে এই ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা এতিয়াও চিন্তাৰ কাৰণ হৈ আছে৷ স্বাস্থ্য মন্ত্ৰ্যালয়ৰ তথ্য মতে, দেশত এইপৰ্যন্ত মুঠ ২৫,২২৮,৯৯৬ জন লোক এই ৰোগত আক্ৰান্ত হৈছে৷ আনহাতে ২,৭৮,৭৫১জন লোকৰ মৃত্যু হৈছে৷ আনহাতে যোৱা ১৭ মে’ত ৩.৭৮ লাখ লোকে এই ৰোগৰ পৰা আৰোগ্য লাভ কৰে৷ ইফালে যোৱা সপ্তাহত অৰ্থাৎ ১০–১৬ মে’ৰ ভিতৰত দেশত মুঠ ২৩.০২ লাখ লোকৰ সংক্ৰমণ হোৱা বুলি চিনাক্ত কৰা হৈছিল৷ যোৱা তিনি সপ্তাহৰ ভিতৰত আটাইতকৈ কমসংখ্যক লোকৰ সংক্ৰমণ হয়৷ সৰ্বাধিক ২৭.৪২ লাখ লোকৰ সংক্ৰমণ হৈছিল ৩–৯ মে’ত৷ যোৱা সপ্তাহটোত এই ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা হ’ল ২৮,২৬৬জন৷ আনহাতে কঠোৰভাৱে পালন কৰা লকডাউন আৰু কভিড প্ৰট’কল মানি চলাৰ বাবে দেশৰ ৰাজধানী দিল্লীত ৪২ দিনৰ মূৰত ৪,৫২৪জনলৈ হ্ৰাস পাইছে কৰ’নাত আক্ৰান্তৰ সংখ্যা৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here