দেশত কৰ’না আক্ৰান্তৰ সংখ্যা ৯০ লাখ অতিক্ৰম

0
1800

ভাৰতত কৰ’না ভাইৰাছৰ সংক্ৰমণ হোৱা লোকৰ সংখ্যা ৯০ লাখৰ সীমা অতিক্ৰম কৰিলে৷ কৰ’না আক্ৰান্তৰ দেশৰ ভিতৰত শীৰ্ষস্থানত আমেৰিকাৰ পাছতে এতিয়া ভাৰতৰ স্থান৷ ভাৰতত যোৱা ২৪ ঘণ্টাত ৪৫,৮৮২ জন লোক কৰ’নাত নতুনকৈ আক্ৰান্ত হৈছে৷ ইয়াকে ধৰি দেশত সংক্ৰমিত হোৱা মুঠ লোকৰ সংখ্যা হয়গৈ ৯০,০৪,৩৬৬৷ আনহাতে যোৱা ২৪ ঘণ্টাত ভাৰতত ৫৮৪ গৰাকী লোকৰ কৰ’নাত মৃত্যু হৈছে৷ অৰ্থাৎ মৃত্যুৰ হাৰ ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে৷ ভাৰতত ইতিমধ্যে মৃত্যু হোৱা লোকৰ সংখ্যা ১,৩২,১৬২ হৈছেগৈ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে দিয়া তথ্য অনুসৰি দেশত ইতিমধ্যে ৮৪,২৮,৪১০ গৰাকী লোক সুস্থ হৈ উঠিছে৷ উল্লেখ্য যে যোৱা ১৯ নৱেম্বৰৰ তথ্য মতে দেশত সুস্থ হোৱা লোকতকৈ নতুনকৈ আক্ৰান্ত হোৱা লোকৰ সংখ্যা অধিক আছিল৷ ইয়াৰ ফলত প্ৰায় ৪৭ দিনৰ অভিলেখ ভংগ হয়৷ উল্লেখ্য যে যোৱা ৪৭ দিনত প্ৰতিদিনে নতুনকৈ সংক্ৰমিত হোৱা লোকৰ সংখ্যা, সংক্ৰমণমুক্ত হোৱা লোকৰ সংখ্যাতকৈ কম আছিল৷ ইফালে দিল্লী, মহাৰাষ্ট্ৰ, কেৰালাৰ লগতে গুজৰাটৰ আহমেদাবাদতো কৰ’নাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা পুনৰ বৃদ্ধি পোৱাত ৰাজ্যকেইখনৰ প্ৰশাসন চিন্তিত হৈ পৰিছে৷ গুজৰাট চৰকাৰে আহমেদাবাদত সান্ধ্য আইন বলৱৎ কৰাৰ সিদ্ধান্ত লৈছে৷ ইপিনে দিল্লীৰ ব্যক্তিগত হাস্পতালৰ আশী শতাংশ আই চি ইউ বিছনা কৰ’না আক্ৰান্তৰ বাবে সংৰক্ষিত কৰিবলৈ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে নিৰ্দেশ দিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here