দেশত কৰ’নাৰ তাণ্ডৱ অব্যাহত! ছেৰাম ইন্‌ষ্টিটিউটৰ ঘোষণা : জানুৱাৰীত উপলব্ধ হ’ব কৰ’না ভেক্‌চিন

0
2323

ভাৰতবৰ্ষত কভিড আক্ৰান্তৰ সংখ্যা পুনৰ উদ্বেগজনকভাৱে বাঢ়িবলৈ লৈছে৷ দিল্লীকে ধৰি কেৰালা, পশ্চিম বংগ আদিত কৰ’নাৰ দৈনিক সংক্ৰমণ অভাৱনীয়ভাৱে বৃদ্ধি পাইছে৷ দিল্লীত বৰ্তমান কৰ’না ভাইৰাছ সংক্ৰমণৰ তৃতীয়টো ঢৌৰ আৰম্ভ হোৱা বুলি মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে প্ৰকাশ কৰিছে৷ দেশত কৰ’না ভাইৰাছ সংক্ৰমণৰ ক্ষেত্ৰত মহাৰাষ্ট শীৰ্ষস্থানত আছে৷ দেশত এইপৰ্যন্ত কভিড-১৯-অত আক্ৰান্ত লোক ৮৩,১৩,৮৭৬ গৰাকী, তাৰ বিপৰীতে আৰোগ্য হোৱা ৰোগীৰ সংখ্যা ৭৬,৫৬,৪৭৮ ; আৰু ইয়াৰে ২৩,৬৫০ গৰাকী লোকৰ মৃত্যু হৈছে৷ ইয়াৰ মাজতে এটা ভাল খবৰে সকলোকে অলপ হ’লেও সকাহ দিছে৷ ভাৰতৰ পু্‌নেস্থিত ঔষধ কোম্পানী ছেৰাম ইনষ্টিটিউট অব্‌ ইণ্ডিয়াৰ মুখ্য কাৰ্যবাহী আদৰ পুনাৱালাই এটা সাক্ষাৎকাৰত কৈছে যে ভাৰতত জানুৱাৰীৰ ভিতৰত কৰ’না ভাইৰাছৰ ভেকচিন উপলব্ধ হ’ব৷ জানিব পৰা মতে, ভাৰত আৰু লণ্ডনত কভিড-১৯-অৰ ভেকচিনৰ সম্পৰীক্ষা চলি আছে৷ ভাৰতত এই পৰীক্ষাৰ সফল ৰূপায়ণৰ অনুমোদন লাভ কৰাৰ পাছতেই কৰ’না ভাইৰাছৰ ভেকচিন উপলব্ধ হোৱাৰ সম্ভাৱনা আছে৷ এনে এটা সুখবৰে দেশৰ জনসাধাৰণৰ মাজত আশাৰ সঞ্চাৰ কৰিছে৷ আমাৰ সকলোৰে এটাই আশা– দেশত কৰ’নাৰ ভেকচিন খুব কমদিনৰ ভিতৰতে উপলব্ধ হওক আৰু কৰ’নাৰ বিৰুদ্ধে কৰা যুঁজখন আমাৰ জয়ৰে অন্ত হ‌ওক।

LEAVE A REPLY

Please enter your comment!
Please enter your name here