জাহাজ বা যিকোনো নৌকা পানীত চলাটো এটা স্বাভাৱিক প্ৰক্ৰিয়া৷ কিন্তু এই জাহাজ পানীত নচলি যদি শূন্যত উৰি ফুৰে, তেতিয়াহ’লে চকু কপালত উঠাটো স্বাভাৱিক৷ তেনে এক আচৰিত দৃশ্য দেখা পালে ডেভিদ মৰিছ নামৰ এজন ব্যক্তিয়ে৷ লগে লগে তেওঁ এই দৃশ্য কেমেৰাত আবদ্ধ কৰি ৰাখে৷ তেওঁ জনোৱা মতে ইংলেণ্ডৰ কৰ্নৱাল ফালমাউথৰ কাষৰ এটা গ্ৰাম্যপল্লীৰ ওচৰত সমুদ্ৰৰ দিশত পানীৰ ওপৰত বিশাল এখন জাহাজ শূন্যতে ভাহি থকা দেখে৷ এই ঘটনা পাছত বিশ্লেষণ কৰি চোৱাত ইয়াৰ বিজ্ঞান প্ৰযু্ক্তিৰ একো কৌশল নাই বুলি ধাৰণা হ’ল৷ আচলতে এইটো এটা দৃষ্টি-বিভ্ৰমৰ উদাহৰণ, যি মৰীচিকা বা ছুপিৰিয়ৰ মিৰেজ হিচাপে জনা যায়৷ এইধৰণৰ বিভ্ৰম উপকূলীয় অঞ্চল প্ৰায়ে হোৱা দেখা যায়৷ এইধৰণৰ দৃষ্টি-বিভ্ৰম মূলতঃ আৱ-হাৱাৰ কাৰণে ঘটে৷ বিজ্ঞানীসকলে ইয়াক তাপমাত্ৰাৰ বিপৰ্যয় বা টেম্পাৰেচাৰ ইনভাৰশ্যন বুলিও অভিহিত কৰিছে৷ যেতিয়া টেম্পাৰেচাৰ ইনভাৰশ্যন ঘটে তেতিয়া উষ্ণ বায়ু শীতলতৰ বায়ুৰ ওপৰত থাকে৷ আৰু তেতিয়াই আমাৰ দৃষ্টিশক্তিৰ বিপৰ্যয় হয়৷ সেই সময়তে এনেধৰণৰ দৃষ্টি-বিভ্ৰমৰ দৰে ঘটনা দেখিবলৈ পোৱা যায়৷ সাধাৰণতে শীতল সমুদ্ৰৰ ওপৰত ঠাণ্ডা বতাহ বলে, তাৰ ওপৰৰ স্তৰত উষ্ণ বায়ুপ্ৰবাহ থাকে৷ যিহেতু ঠাণ্ডা বতাহ উষ্ণ বায়ুতকৈ ঘন সেয়ে এনে অঞ্চল বিশেষকৈ উপকূলৱৰ্তী অঞ্চলৰ ওচৰত থকা ব্যক্তিৰ চকুত পোহৰৰ প্ৰৱেশপথ বন্ধ হোৱাৰ লেখীয়া হয়৷ যাৰ ফলত দূৰৱৰ্তী বস্তু বেলেগকৈ নজৰত আহে৷ সেই সময়ত সেয়ে মানুহে ওচৰৰ বস্তু উল্টা পুল্টাকৈ দেখে৷ যাক দৃষ্টি-বিভ্ৰম বুলি কোৱা হয়৷