আপুনি আপোনাৰ ভাব-চিন্তাত পৰিৱৰ্তন ঘটাওক৷ আপোনাৰ দেহৰ পৰা আঁতৰি যাব হাজাৰবিধ ৰোগ৷ মাইণ্ডফুলনেছ আৰু ধ্যানৰ মাজত প্ৰভেদ আছে৷ ধ্যান নিৰিবিলি তথা শব্দহীন পৰিৱেশত এক নিৰ্দিষ্ট ঠাইত কেৱল অনুশীলন কৰা হয়৷ এই ক্ষেত্ৰত কোনো ধৰাবন্ধা নিয়ম নাই৷ যেতিয়াই মন যায়, তেতিয়াই কৰিব পাৰে৷ আলস্য, অৱহেলা নহয়, মন গ’লেই কৰিব পাৰে, সময়ো নষ্ট নহয়৷ শৰীৰ আৰু মনৰ যত্ন লোৱাৰ কৌশল সেইটো হ’ল মাইণ্ডফুলনেছ৷ নিজৰ প্ৰতি মনোনিৱেশ কৰা৷ বৰ্তমান মুহূৰ্তটোক গুৰুত্ব প্ৰদান কৰা৷ নিজৰ মনৰ ভাব-চিন্তাবোৰক নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰা৷ শুনি আচৰিত লাগিলেও এই প্ৰক্ৰিয়াটো একপ্ৰকাৰ স্বাস্থ্যকৰ অভ্যাস৷ এইমুহূৰ্তত কি ঘটিছে, সেই দিশত মনোযোগ দিয়া কৰ্মটো কিন্তু সহজ বুলিলেও আচলতে বেছ কঠিন৷ মানুহৰ মনত অধিকাংশ সময়ে ভৱিষ্যতে কি হ’ব পাৰে, বা অতীত কি ঘটিছিল, এই বিষয়বোৰ লৈ চিন্তাত মগ্ন থাকে৷ সেই বিষয়বোৰৰ নিয়ন্ত্ৰণ তেওঁলোকৰ হাতত নাথাকে৷ ফলত বাঢ়ি যায় উদ্বেগ, উৎকণ্ঠাৰ দৰে মানসিক ৰোগ৷ স্বাস্থ্যতো ইয়াৰ প্ৰভাৱ পৰে৷ বাঢ়ি যায় ৰক্তচাপ, টোপনিত ব্যাঘাত জন্মে৷ এই সমস্যাৰ পৰা মুক্তি পাবলৈ দিনৰ এটা নিৰ্দিষ্ট সময়ত এই অনুশীলন কৰাৰ অভ্যাস কৰক৷ আমেৰিকাৰ ব্ৰাউন বিশ্ববিদ্যালয়ৰ মাইণ্ডফুলনেছ চেণ্টাৰৰ ডিৰেক্টৰ এৰিক লোউকছে জনাইছে যে শান্ত হৈ বহি থাকি বৰ্তমানৰ সময়খিনিৰ কথা ভাবিব লাগে৷ আৰু এই সময়খিনিত নিজৰ অনুভূতি আৰু ভাবনাবোৰৰ প্ৰতি নিৰ্দয় হ’লে নচলে৷ নিজৰ প্ৰতি কৌতূহলী হ’ব লাগে৷ এই ক্ষেত্ৰত নিৰিবিলি পৰিৱেশত শান্তভাৱে বহি নিজৰ শ্বাস-প্ৰশ্বাস লোৱাৰ ক্ষেত্ৰত আৰু বৰ্তমান সময়ৰ দিশত মনোযোগ দিব৷ সেই সময়কণত বাৰে বাৰে মন উৰি যাব বিচাৰে৷ শান্ত গতিত উশাহ-নিশাহ লৈ মনটো স্থিৰ কৰিব৷ বহি বহিয়েই এই অনুশীলন কৰিব লাগে বুলি কোনো কথা নাই৷ নিৰলে খোজ কাঢ়ি আনৰ লগত কথা পাতি পাতিও প্ৰতি মুহূৰ্ততে মাইণ্ডফুলনেছৰ অভ্যাস কৰিব পাৰে৷ কিন্তু মনটোক সেই সময়খিনিৰ মাজত আবদ্ধ কৰি ৰাখিব লাগে লগতে শ্বাস-প্ৰশ্বাসৰ দিশত ধ্যান দিব লাগে৷ দুশ্চিন্তা, উদ্বেগ, বা একেটা সময়ত একাধিক কাম কৰা অৰ্থাৎ মািŒI×টাস্কিং আদি এই অভ্যাসৰ প্ৰতিকূলতা হিচাপে দেখা যায়৷ প্ৰথমতে মািŒI×টাস্কিং বা একে সময়তে একাধিক কাম কৰা বন্ধ কৰিব লাগে৷ আচলতে একেসময়তে দুটা কামত মনোনিৱেশ কৰাটো অসম্ভৱ৷ অনুশীলনৰ সময়ত যি মুহূৰ্তত আপুনি বুজিব যে আপোনাৰ মন আন দিশে ধাৱিত হৈছে, তেনে ক্ষেত্ৰত আপুনি সঠিক পথত আগুৱাইছে৷