দুৰ্লভ মুহূৰ্ত : জেমছ ৱেবে ধৰি ৰাখিলে নতুন নক্ষত্ৰৰ জন্মৰ দৃশ্য

0
499


মহাকাশত থকা বিশ্বৰ আটাইতকৈ শক্তিশালী দূৰবীণ জেমছ ৱেব মহাকাশ দূৰবীণে [জে ডব্লিউ এছ টি] বিশ্বব্ৰহ্মাণ্ডৰ ভালেমান দুৰ্লভ দৃশ্য আমাক চোৱাৰ সুযোগ দিছে৷ শেহতীয়াকৈ জেমছ ৱেবে এটা নতুন তৰাৰ জন্মৰ ফটো তোলে৷ বি বি চিয়ে প্ৰকাশ কৰা অনুসৰি এইচ এইচ ১২ নামৰ এই নৱজাতক নক্ষত্ৰটো পৃথিৱীৰ পৰা ১,৩০০ আলোকবৰ্ষ দূৰৈত আছে৷ নতুন নক্ষত্ৰটোৰ জন্মৰ দৃশ্যই বৈজ্ঞানিকসকলক উৎসাহিত কৰি তুলিছে৷ ইয়াৰ জৰিয়তে নক্ষত্ৰ অস্তিত্বলৈ অহাৰ নতুন তথ্য লাভ কৰিব পাৰিব বুলি আশা কৰিছে৷ তেওঁলোকে ইয়াৰ পৰা নতুন নক্ষত্ৰৰ জন্মৰ ৰহস্যও উদ্‌ঘাটন কৰিব পাৰিব বুলি আশা কৰিছে৷ এই জন্ম হোৱা এই নক্ষত্ৰটো প্ৰায় ৫০ হাজাৰ বছৰ পুৰণি৷ ই গেছ আৰু ধূলিৰ তৰপৰ মাজত সোমাই আছে৷ ইয়াৰ গুলপীয়া ৰঙৰ শিখা ভিন্ন দিশত প্ৰসাৰিত হোৱা দেখা পোৱা গৈছে৷ এই শিশু নক্ষত্ৰটো প্ৰথমবাৰ দেখা পোৱা গৈছিল ১৯৯৩ চনত অৰিয়েণ্ট বেল্টৰ কাষত৷ তেতিয়াৰ পৰাই ইয়াৰ ফটো তুলি থকা আছে যাতে নক্ষত্ৰৰ লাহে লাহে কেনেকৈ সৃষ্টি হয় সেইটো জানিব পাৰি৷ কিন্তু ইয়াৰ ভিতৰত জেম্‌ছ ৱেবে তোলা ফটো অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে, কিয়নো প্ৰথমবাৰৰ কাৰণে বৈজ্ঞানিকসকলে উন্নত মানৰ ৰঙীন ফটো লাভ কৰিছে৷ বৈজ্ঞানিকসকলৰ মতে পৃথিৱীত থকা দূৰবীণৰ জৰিয়তে এনেধৰণৰক ফটো পোৱাটো কঠিন৷ তেওঁলোকৰ মতে এই ফটোৱে আমাৰ সূৰ্যৰ জন্মৰ বিষয়েও তথ্যৰ যোগান ধৰিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here