জেতুকাপাতৰ লগত অসমীয়া সমাজৰ চিনাকি পুৰণিকলীয়া৷ বহু হাজাৰ বছৰ আগৰে পৰাই ইয়াৰ ৰং প্ৰসাধন হিচাপে ব্যৱহাৰ কৰি অহা হৈছে৷ পৰম্পৰাগতভাৱে ব’হাগ বিহুৰ সময়ত অসমীয়া জীয়ৰী-বোৱাৰীয়ে হাতত জেতুকাৰ বোল লয়৷ কিছুমানে আকৌ চুলি ৰঙচুৱা কৰিবলৈও জেতুকাৰ পাত ব্যৱহাৰ কৰে৷ বহুতে আজিকালি বজাৰত উপলব্ধ মেহেন্দি ব্যৱহাৰ কৰে যদিও জেতুকাৰ পাতৰ স্থান সদায় প্ৰথম আৰু প্ৰধান৷ জেতুকা কেৱল সৌন্দৰ্যচৰ্চাতেই ব্যৱহাৰ কৰা হয়, তেনে নহয়৷ ইয়াৰ আছে বহুতো ঔষধি গুণ৷ জেতুকাক ইংৰাজী ‘হেনা’ বুলি কোৱা হয়৷ ইয়াৰ বৈজ্ঞানিক নাম ল’ছনিয়া ইনাৰমিছ ( Lawsonia inermis )৷ এই গছজোপা দুইৰ পৰা ছয় মিটাৰপৰ্যন্ত ওখ হয়৷ জেতুকাৰ পাতত ল’ছন(Lawsone) নামৰ এবিধ ৰঞ্জক দ্ৰব্য থাকে৷ এই ৰঞ্জক দ্ৰব্যৰ বাবে ইয়াৰ পাত পিহি লগালে ৰঙা ৰং হয়৷ বিভিন্ন ধৰণৰ চৰ্মৰোগত জেতুকাৰ পাতৰ লেপন লগালে সুফল পোৱা যায়৷ গাঁঠিৰ বিষ, হাত-ভৰি জ্বলা-পোৰা কৰা আদি ৰোগত জেতুকাপাতৰ ৰস লগালে বিষ উপশম হয়৷ নখৰ বিষ, নখ চুকা, নাকৰ এঁৱা ভঙা আদিত উপাচাৰ স্বৰূপে জেতুকা ব্যৱহাৰ কৰা হয়৷ জণ্ডিচ হ’লে জেতুকাৰ ফুলৰ ৰস দুই চামুচৰ লগত দহ চামুচ চাউল ধোৱা পানী মিহলাই মিশ্ৰণটো দিনত এবাৰকৈ খুৱালে ৰোগীয়ে আৰোগ্য লাভ কৰে৷ মুখৰ ভিতৰত ঘা হোৱা সমস্যাত জেতুকাপাত কেইখিলামান চোবাই ৰস খাব লাগে৷ এনে কৰিলে ঘা শুকাই যায়৷ জেতুকাৰ পাতৰ ৰস আৰু শিলিখা ৰসৰ মিশ্ৰণ মূৰত লগালে চুলি সৰা বন্ধ হয়৷ জেতুকাপাতৰ ৰস গাত লগালে ঘামচি নোলায় আৰু গাৰ ছাল মসৃণ হয়৷ মৃগী ৰোগত জেতুকাপাতৰ দুচামুচ ৰসৰ লগত গৰুৰ গাখীৰ মিহলাই এসপ্তাহ খালে ৰোগ নিৰ্মূল হয়৷ উচ্চ ৰক্তচাপত জেতুকা পাতৰ ৰস কপালত সানিব লাগে৷ মূৰৰ বিষত জেতুকাৰ ৰস খালে বিষ নাইকিয়া হয়৷ শৰীৰৰ কোনো স্থান আঘাতপ্ৰাপ্ত হৈ ৰক্তক্ষৰণ হ’লে লগে লগে জেতুকাৰ ৰস দিলে তেজ বন্ধ হোৱাৰ লগতে বিষৰ পৰা উপশম পোৱা যায়৷ গতিকে অতি সহজতে পোৱা ঔষধিগুণসম্পন্ন জেতুকাজোপাৰ মোল বুজি ইয়াৰ সঠিক ব্যৱহাৰেৰে আমাৰ শৰীৰটোক শুৱনি, সুস্থ আৰু নিৰোগী কৰিব পাৰোঁ। সেয়েহে আহক, আমাৰ ঘৰৰ চৌহদত আজিয়েই এজোপা জেতুকাৰ গছ ৰোপণ কৰোঁ।