দুশ্চিন্তাই আপোনাক লগ নেৰা হৈছে নেকি?

0
1979

সুমথিৰা টেঙাৰ দৰে দেখাত মধুৰিআম এবিধ সকলোৰে প্ৰিয় ফল৷ ই খাবলৈ সোৱাদযুক্ত৷ ইয়াৰ গা-গছডাল ওখই ১২-১৪ ফুটপৰ্যন্ত হয়৷ কলি অৱস্থাত ইয়াৰ ফল খাবলৈ কেঁহা যদিও পকিলে মিঠা সোৱাদযুক্ত হয়৷ গ্ৰীষ্মকালৰ অন্ত আৰু বৰ্ষাকালৰ আৰম্ভণিত ইয়াৰ ফল হয়৷ ইয়াৰ বৈজ্ঞানিক নাম চিডিয়াম গুৱাজাভা (Psidium Guajava)৷ প্ৰতিদিনে কমেও এটাকৈ মধুৰিআম খালে বিভিন্ন শাৰীৰিক সমস্যাৰ পৰা হাত সাৰি থাকিব পাৰি৷

*মধুৰিআমত ভিটামিন-C যথেষ্ট পৰিমাণে পোৱা যায় যিয়ে আমাৰ শৰীৰৰ প্ৰতিৰক্ষা তন্ত্ৰটো শক্তিশালী কৰি ৰাখে, যাৰ দ্বাৰা জ্বৰ, কাহ আদি ৰোগবিলাকৰ পৰা শৰীৰক সুৰক্ষিত কৰি ৰাখিব পাৰি৷

*মধুৰিআমত যথেষ্ট পৰিমাণে কেলচিয়াম পোৱা যায়, যিয়ে শৰীৰৰ হাড় আৰু দাঁতবোৰ শক্তিশালী কৰি ৰাখে৷

*মানসিক চাপ, উদ্বিগ্নতা তথা দুশ্চিন্তা নিৰাময় কৰাত মধুৰিআমে সহায় কৰে৷ ইয়াক নিয়মিত খালে মগজুৰ কাৰ্যক্ষমতা অটুট থাকে৷

Guava - Wikipedia

*মধুৰিআমে শৰীৰৰ মেদবহুলতা কম কৰাৰ ক্ষেত্ৰতো অৰিহণা যোগায়৷

*ডায়েবেটিছ ৰোগীৰ কাৰণে মধুৰিআম মহৌষধ৷ প্ৰতিদিনে নিয়মিতভাৱে মধুৰিআম খালে ছুগাৰ নিয়ন্ত্ৰণত থাকে৷

*মধুৰিআমে শৰীৰত তেজ চলাচল সঠিক পৰিমাণত ৰাখে৷ যাৰ বাবে হৃদপিণ্ড সুস্থ হৈ থাকে৷

*মুখৰ দুৰ্গন্ধ, মুখৰ ঘা, দাঁতৰ পায়েৰিয়া আদি নিৰাময়ত মধুৰিআমে সুফল প্ৰদান কৰে৷

How to Remove Plaque from Teeth & Gum Naturally? |

*মধুৰিআমৰ কুমলীয়া পাত খালে ছাল মসৃণ আৰু উজ্জ্বল হয়৷

*গুটি গুচোৱা মধুৰিআম কেইটুকুৰামানৰ লগত কেঁচা হালধিৰ ৰস পুৱা খালী পেটত খালে পেলুৰ পৰা শীঘ্ৰে সকাহ পাব পাৰি৷

সেয়েহে আমি এনে এবিধ উপকাৰী ফল নিয়মিতভাৱে খাই শৰীৰ নিৰোগী কৰি ৰখাৰ যত্ন কৰোঁ আহক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here