দুপৰীয়াৰ সাঁজ খায়েই ভাতঘুমটি মৰাৰ অভ্যাস ভালনে?

0
7

দুপৰীয়াৰ ভাতসাঁজ খাই বহুতৰে শোৱা অভ্যাস আছে৷ কিছুমানৰ ক্ষেত্ৰততো ভাতকেইগৰাহ পেটত পৰিল কি নাই, বিছনালৈ গ’লেই৷ ভাতকেইটা পেটত লৈয়ে চিধাই টোপনিত লালকাল দিলেহে যেন শান্তি পায়৷ অৰ্থাৎ দুপৰীয়া এক বজাৰ পৰা চাৰি বজালৈ এই সময়খিনি বিছনাৰে একাকাৰ বেছ গভীৰ টোপনিত নিমগ্ন হয়৷ দিন চুটিৰ সময়ত এওঁলোকৰ বাবে বিড়ম্বনা হয়গৈ৷ এনে টোপনিক সাধাৰণতে ভাতঘুমটি বুলি কয়৷ এতিয়া কথা হ’ল দিনত ভাতঘুমটি মৰাৰ অভ্যাস বা দুপৰীয়া ভাত খায়েই টোপনি মৰাৰ অভ্যাস কিমান স্বাস্থ্যসন্মত সেই বিষয়ে বিভিন্ন ব্যাখ্যা পোৱা যায়৷ ভাতঘুমটিক লৈ বিভিন্নজনৰ ভিন্ন মত৷ অৱশ্যে ইয়াৰ যুক্তিযুক্ততাও আছে৷ কিছুমানে কয় যে এই অভ্যাস বেছ স্বাস্থ্যকৰ, আনহাতে কাৰোবাৰ মতে খোৱাৰ পাছতে বিছনালৈ যোৱাটো মুঠেও স্বাস্থ্যসন্মত অভ্যাস নহয়৷ এই ক্ষেত্ৰত নাছাৰ বিজ্ঞানীয়ে কিন্তু বেয়া অভ্যাস বুলি মানি লোৱা নাই৷ নাছাৰ বিজ্ঞানীয়ে জানিবলৈ দিছে যে দুপৰীয়া খোৱাৰ পাছত অলপ সময় টোপনি মাৰিলে অৰ্থাৎ বিশ্ৰাম কৰিলে শৰীৰৰ শক্তি পুনৰ কাৰ্যক্ষম হয়, শৰীৰৰ অৱসাদ, ক্লান্তি আদি দূৰ হয়৷ অৱশ্যে দুপৰীয়া ভাত খোৱাৰ পাছত টোপনি মৰাৰ কিছু সুকীয়া নিয়ম আছে৷ গধুৰ খাদ্য গ্ৰহণ কৰাৰ পাছত ঘণ্টাৰ পাছত ঘণ্টা টোপনি মৰা উচিত নহয়৷ এই সময়ত মাত্ৰ আধা ঘণ্টাৰ কাৰণে টোপনি মাৰিব লাগে, অৰ্থাৎ শৰীৰটোক আধা ঘণ্টাৰ বাবে বিশ্ৰাম দিব লাগে৷ তেতিয়াহে শৰীৰৰ ক্নান্তি অথবা ভাগৰ, মস্তিষ্কৰ কাম-কাম ঠিকমতে পৰিচালিত হৈ থাকিব৷ দেখা গৈছে যে বিমান চালনাৰ ক্ষেত্ৰত চালকে যদি ৬০ মিনিটৰ পাৱাৰ নেপ লয়, তেনেহ’লে তেওঁলোকৰ দক্ষতা আৰু ৩৪ শতাংশ বৃদ্ধি পায়৷ ইয়াৰ লগতে মনোসংযোগো বাঢ়ে৷ ভাতঘুমটিক লৈ আৰু গৱেষণা হৈছে৷ বিভিন্ন গৱেষণাত দেখা গৈছে যে দুপৰীয়া খোৱাৰ পাছত টোপনিৰ অভ্যাসে স্মৃতিশক্তি বৃদ্ধি কৰে৷ সঠিক টোপনি নহাৰ ফলত শৰীৰৰ কৰ্টিচেল নামৰ ষ্ট্ৰেচ হৰমনৰ ক্ষৰণ বাঢ়ি যায়৷ বৰং টোপনি মাৰিলে মন-মেজাজ শান্ত হৈ থাকে৷ শৰীৰত হৰমনৰ ভাৰসাম্য ঠিকে থাকে৷ ডায়েবেটিছ, থাইৰয়েড, পিচিঅ’ডি, উচ্চ ৰক্তচাপৰ সমস্যা থাকিলে দুপৰীয়া কেইমিনিটমান জিৰণি লোৱাটো প্ৰয়োজন৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here