এক হাজাৰ কোটি বছৰৰ আগেয়ে একত্ৰিত হৈ যোৱা দুটা ছায়াপথৰ সন্ধান পাইছে জ্যোতিৰ্বিজ্ঞানীয়ে৷ বিজ্ঞানীৰ দাবী– ছায়াপথ দুটা একত্ৰিত হ’লে এটা দানৱ গেলেক্সি প্ৰস্তুত হৈ যাব৷ নতুনকৈ সৃষ্টি হোৱা এই দানৱ গেলেক্সি হ’ব মহাবিশ্বৰ সকলোতকৈ উজ্জ্বল বস্তুবোৰৰ ভিতৰত অন্যতম৷ প্ৰাথমিক পৰ্যায়ত মহাবিশ্বৰৰ গেলেক্সি আৰু ব্লেকহোলৰ প্ৰাথমিক বিৱৰ্তন কিদৰে হৈছিল, তাক বুজাৰ কাৰণে বেছ গুৰুত্বপূৰ্ণ বুলি জনাইছে বিজ্ঞানীয়ে৷ সুবাৰু টেলিস্কোপেৰে জাপানৰ এহিম বিশ্ববিদ্যালয়ৰ ইয়োশিকি মাতসুওকাই এই ছায়াপথ দুটা আৱিষ্কাৰ কৰিছে৷ ইয়াৰ পৰা আটাকামা লাৰ্জ মিলিমিটাৰ বা চাবমিলিমিটাৰ ৰেডিঅ’ টেলিস্কোপ ব্যৱহাৰ কৰি নতুন ছায়াপথবোৰৰ তথ্য বিশে¡ষণ কৰিছে জ্যোতিৰ্বিজ্ঞানীয়ে৷ টেলিস্কোপৰ তথ্যৰ জৰিয়তে কোৱাচাৰ সম্পৰ্কে জনাৰ চেষ্টা কৰিছে তেওঁলোকে৷ কোৱাচাৰ হৈছে উজ্জ্বল ধৰণৰ মহাজাগতিক বস্তু, যি প্ৰাৰম্ভিক মহাবিশ্বৰ গেলেক্সিৰ কেন্দ্ৰৰ ছুপাৰমেচিভ ব্লেকহোলৰ পৰা পদাৰ্থৰে চালিত৷ তত্ত্ব অনুসৰি যেতিয়া দুটা গেছসমৃদ্ধ ছায়াপথ একত্ৰিত হয়, তেতিয়া তৈয়াৰ হয় একক বৃহত্তৰ ছায়াপথ৷ দুটা গেলেক্সিৰ মহাকৰ্ষীয় মিথস্ক্ৰিয়াৰ গেছ ছুপাৰমেচিভ কৃষ্ণগহবৰত পৰাৰ সময় কোৱাচাৰৰ বিভিন্ন কাৰ্যকলাপ চিনাক্ত কৰা যায়৷