ভাৰতত দুটা নতুন প্ৰজাতিৰ পতংগ আৱিষ্কাৰ হৈছে৷ এই নতুন পতংগৰ প্ৰজাতি দুটা ছিকিম আৰু অৰুণাচল প্ৰদেশত পোৱা গৈছে৷ কলকাতাস্থিত জুলজিকেল ছাৰ্ভে অব ইণ্ডিয়াৰ বিজ্ঞানীসকলে এই নতুন প্ৰজাতিৰ পতংগ দুটা আৱিষ্কাৰ কৰে৷ উল্লেখ্য যে ১৯৯২ চনৰ পৰা ২০১৫ চনৰ ভিতৰত সংগ্ৰহ কৰা নমুনা অধ্যয়ন কৰি চোৱাৰ পাছত এই নতুন প্ৰজাতি দুটাৰ বিষয়ে জানিব পৰা হয়৷ নিউজিলেণ্ডৰ পৰা প্ৰকাশিত বাৰ্তালোচনী জুটাক্সাত এই কথা প্ৰকাশ পাইছে৷ অধ্যয়নটো কৰা বিজ্ঞানীসকলে জানিবলৈ দিয়া মতে এই পতংগ দুবিধৰ শাৰীৰিক গঠন আনবোৰ পতংগতকৈ পৃথক৷ বিজ্ঞানীসকলে এই প্ৰজাতি দুটাৰ নাম দিছে মেল’লন্থা অৰুণাচালেনছিছ আৰু মেল’লন্থা লাচুজেনেছিছ৷ প্ৰজাতি দুটা স্থানীয় নাম অনুসৰিয়েই বৈজ্ঞানিক নাম দিয়া হৈছে বুলি সদৰী কৰে৷ গৱেষকৰ দলে জনোৱা মতে ভাৰতত প্ৰায় ১২৭ বছৰৰ পাছত এই নতুন প্ৰজাতি দুটা আৱিষ্কাৰ কৰা হয়৷ সাধাৰণতে এই প্ৰজাতিৰ এটা প্ৰাপ্তবয়স্ক পতংগ ২৫-৩০ মিলিমিটাৰ দীঘল হয় আৰু এই পতংগবিধ হিমালয় অঞ্চলত শস্যৰ বিস্তৰ ক্ষতি সাধন কৰে৷ মেল’লন্থা অৰুণাচালেনছিছ প্ৰজাতিটো অৰুণাচল প্ৰদেশৰ পাংগে উপত্যকাত ২০১৫ চনত আৰু মেল’লন্থা লাচুজেনেছিছ প্ৰজাতিৰ পতংগবিধ ২০১৯ চনৰ উত্তৰ ছিকিমৰ লাচুং বনাঞ্চলত পোৱা হৈছিল৷