দীৰ্ঘায়ুৰ পথত সহায়ক হ’ব পাৰে কফি : গৱেষণা

0
4

স্বাস্থ্য সচেতনতাৰ কাৰণে আছে সুখবৰ৷ নিয়মিতভাৱে কফি সেৱন কৰিলে বাঢ়িব পাৰে আয়ুস৷ অৱশ্যে এই ক্ষেত্ৰত মন দিয়াৰ প্ৰয়োজন যে কফিত যাতে চৰ্বিযুক্ত ক্ৰিম অথবা চেনি নাথাকে৷ যুক্তৰাষ্ট˜ৰ টাফটছ বিশ্ববিদ্যালয়ৰ সাম্প্ৰতিক এক গৱেষণাত এই কথা প্ৰকাশিত হৈছে৷ গৱেষণাত দেখা গৈছে যে যিসকল লোকে ব্লেক কফি সেৱন কৰে আৰু সামান্য পৰিমাণে চেনি ব্যৱহাৰ কৰে, তেওঁলোকৰ অকাল মৃত্যুৰ হাৰ প্ৰায় ১৪ শতাংশপৰ্যন্ত কমি যায়৷ ইয়াৰ বিপৰীতে যিসকলে কফি সোৱাদ বঢ়াবলৈ বেছি চেনি, ক্ৰিমযুক্ত গাখীৰ বা ক্ৰীমজাত উপাদান মিহলি কৰে, তেওঁলোকৰ ক্ষেত্ৰত এই উপকাৰিতা দেখা নাযায়৷ গৱেষণাত বিশ বছৰ বা তাৰ বেছি বয়সৰ ৪৬৩৩২ গৰাকী মাৰ্কিন নাগৰিকৰ স্বাস্থ্য তথ্য বিশে¡ষণ কৰা হয়৷ যিসকলক নৰ পৰা এঘাৰ বছৰ পৰ্যবেক্ষণ কৰা হয়৷ এই সময়ত ৭০৭৪ গৰাকীৰ মৃত্যু হয়৷ তথ্য বিশে¡ষণ কৰি গম পোৱা যায় যে যিসকলে প্ৰতিদিনে কফি সেৱন কৰে, তেওঁলোকৰ অকাল মৃত্যুৰ আশংকা কম৷ বিশেষজ্ঞৰ মতে কফিত থকা এণ্টিঅক্সিডেণ্ট আৰু প্ৰদাহনাশক উপাদানে শৰীৰৰ বিভিন্ন ৰোগ প্ৰতিৰোধত সহাীয় কৰে৷ গৱেষণাৰ পৰা পোৱা মতে দিনে দুইৰ পৰা তিনি কাপ ব্লেক কফি সেৱনে বেছি উপকাৰ কৰে৷ কিন্তু ইয়াত অতিৰিক্তকৈ চেনি মিহলি কৰিব নালাগে৷ কফিৰ উপকাৰিকাৰ মূল কাৰণ সম্ভৱতঃ ইয়াৰ বায়োএকটিভ যৌগবোৰ আৰু কেফেইন, কাৰণ ডিকাফ কফি সেৱনকাৰীৰ মাজত মৃত্যুৰ হাৰ কমাৰ কোনো প্ৰৱণতা দেখা নাযায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here