দীৰ্ঘসময় ছালখনত বৰফ ঘঁহিলে কি ক্ষতি হয়

0
5

গৰমৰ দিনকেইটাত ৰ’দৰ প্ৰখৰতা বাহিৰৰ পৰা ঘৰ সোমালে ফ্ৰীজৰ ৰখা বৰফ লগাইহে সকাহ পায়৷ এইদৰে বৰফ লগাবলৈ বহুতেই পচন্দ কৰে৷ ইয়াৰ ফলত ছালখনে দ্ৰুত আৰাম পায় আৰু ইয়াৰ সাময়িক উপকাৰিতাও আছে৷ কিন্তু আপুনি জানেনে এইদৰে দীৰ্ঘকাল ধৰি ছালত বৰফ লগালে ক্ষতি হোৱাৰ সম্ভাৱনা থাকে৷ ৰূপচৰ্চা অথবা মেকআপৰ আগতে বৰফ ঘঁহাৰ অভ্যাস বেছ জনপ্ৰিয়৷ ইয়াৰ লগতে পুৰুষসকলে ছেভিং তথা ৱাক্সিং কৰাৰ সময়ত ছালখন আৰাম পাবৰ বাবে বৰফ ঘঁহি দিয়া হয়৷ কিন্তু এই অভ্যাস দীৰ্ঘকালীন হ’লে ছালৰ সমস্যা হ’ব পাৰে৷ চিকিৎসকে কোৱা মতে এই অভ্যাসে ছালৰ টিছুবোৰৰ মাৰাত্নক ক্ষতিগ্ৰস্ত হয়৷ দীৰ্ঘম্যাদী এই অভ্যাসৰ ফলত ছালৰ প্ৰাকৃতিক মিনাৰেল আৰু ছিৰাম তেল কমাই দিয়ে৷ যাৰ কাৰণে ছালখন ৰুক্ষ বা শুষ্ক হৈ যাব পাৰে৷ বৰফ ঘঁহাৰ ফলত ছালত এবাৰ শুষ্কতাই দেখা দিলে এই সমস্যাই লাহে লাহে আপোনাৰ মুখৰ ছালৰ লাৱণ্য তথা ইয়াপ উজ্জ্বলতা নাইকিয়া কৰে৷ হঠাৎ ছালৰ স্বাভাৱিক তাপমাত্ৰা বাধাপ্ৰাপ্ত হয় এই বৰফ ঘঁহাৰ অভ্যাসৰ ফলত৷ বিশেষজ্ঞই কোৱা মতে মুখত নিয়মিতভাৱে বৰফ ঘঁবাৰ ফলত ছালৰ ফ্ৰষ্টবাইটো হোৱাত অস্বাভাৱিকতা নাথাকে৷ তেনে ক্ষেত্ৰত অকল মুখতে নহয়, শৰীৰৰ যিকোনো ঠাইতে অতিৰিক্ত ঠাণ্ডা লাগিলেই ফ্ৰষ্টবাইট দেখা দিব পাৰে৷ ফ্ৰষ্টবাইট হ’লে বৰফ ঘঁহাৰ কাৰণে তেজ জমা হোৱাত ছালত ক’লা ক’লা দাগ হ’ব পাৰে৷ ছালৰ স্বাভাৱিক তাপমাত্ৰাত বাধাপ্ৰাপ্ত হোৱাৰ ফলত হঠাতে ঠাণ্ডা লাগিব পাৰে৷ মূৰৰ বিষ হোৱাৰ সম্ভাৱনা থাকে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here