দিল্লীত প্ৰদূষণ ৰোধৰ বাবেচৰকাৰে ল’লে বিশেষ পদক্ষেপ

0
333


দেশৰ ৰাজধানী দিল্লীত বায়ু প্ৰদূষণ মাত্ৰা ভয়াৱহ হৈয়ে আছে৷ যোৱা ছয় নৱেম্বৰত দিল্লীৰ গড় এয়াৰ কোৱালিটি ইনডেক্স, অৰ্থাৎ এ কিউ আই ৪৭০ আছিল৷ বিশ্ব স্বাস্থ্য সংস্থাৰ মতে এই এ কিউ আইৰ মাত্ৰা ঙ্ম-৫০১ ভিতৰত থাকিলে নিৰাপদ বুলি ধৰা হয়৷ ইয়াৰ তুলনাত বৰ্তমান দিল্লীৰ এ কিউ আইৰ মাত্ৰা ঊধবৰ্গতিত বৃদ্ধি পাইছে, য’ত প্ৰদূষণে কেতিয়াবাই সীমা চেৰাই গৈছে৷ দিল্লীৰ বায়ু প্ৰদূষণৰ মাত্ৰা বিশ্ব স্বাস্থ্য সংস্থাই নিৰ্ধাৰণ কৰা সীমা অনুসৰি ২০ গুণতকৈও অধিক প্ৰদূষিত হৈ পৰিছে৷ প্ৰদূষণৰ মাত্ৰা ভয়াৱহভাৱে বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি দিল্লী চৰকাৰে স্বাস্থ্যজনিত কাৰণত কেতবোৰ ব্যৱস্থা তৎকালে গ্ৰহণ কৰিছে৷ সেই অনুসৰি দিল্লীৰ প্ৰদূষণৰ মাত্ৰা হ্ৰাস কৰাৰ প্ৰচেষ্টা হিচাপে দিল্লীৰ পৰিৱেশ মন্ত্ৰী গোপাল ৰায়ে ঘোষণা কৰিছে যে অহা ১৩-২০ নৱেম্বৰলৈ দিল্লীত চলাচল কৰা বাহনসমূহ ক্ষেত্ৰত এদিন এৰি এদিন যুগ্ম আৰু অযুগ্ম গাড়ী চলোৱাৰ নিয়ম বলৱৎ কৰা হৈছে৷ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালত নেতৃত্বত বহা এখন বৈঠকৰ পাছতে এই সিদ্ধান্ত লোৱা হয়৷ উল্লেখ্য যে দিল্লীত চাৰি বছৰ পাছত এই নিয়ম বলৱৎ কৰা হৈছে৷ আনহাতে প্ৰদূষণৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষাৰ্থীৰ ক্ষেত্ৰত পঞ্চম শ্ৰেণীলৈকে স্কুলসমূহ অহা ১০ নৱেম্বৰলৈ বন্ধ ঘোষণা কৰা হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here