সৰু সৰু শিশুৰ মনৰ পৰা আৰক্ষীৰ প্ৰতি থকা ভয় ভাব আঁতৰোৱাত দিল্লীত আৰক্ষীয়ে এক অভিনৱ প্ৰয়াস হাতত লৈছে৷ আৰক্ষীয়ে থানাতে পঢ়াশালি খুলিছে৷ দিল্লীৰ সীমাপুৰিৰ আৰক্ষী থানাত ইতিমধ্যে এখন পঢ়াশালি খোলা হৈছে৷ সীমাপুৰীৰ ই-ব্লক আৰু এফ-ব্লকৰ দুখন আৰক্ষী চকীত খোলা পঢ়াশালিত বৰ্তমান ২২০টা শিশুৱে পঢ়া-শুনা কৰি আছে৷ ইয়াৰে অধিকাংশ শিশু চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত পঢ়া৷ এই অভিনৱ পঢ়াশালিত পঢ়ি থকা শিশুসকলৰ এতিয়া আৰক্ষীৰ প্ৰতি মনোভাব সলনি হৈছে৷ তেওঁলোকৰ মনৰ পৰা আৰক্ষীৰ প্ৰতি থকা ভয় ভাব নোহোৱা হৈছে আৰু আৰক্ষীৰ লোকসকলক বিভিন্ন ধৰণৰ বয়-বস্তু বিচাৰিবলৈ ধৰিছে৷ শিশুসকলে আৰক্ষীক আইচক্ৰীম, চকলেট আদি বিচাৰে৷ আৰক্ষীয়ে হাতত লোৱা এনে অভিনৱ পদক্ষেপত শিশুবিলাকৰ পৰিয়ালৰ লোকো সুখী হৈছে৷ সীমাপুৰি ই-ব্লকৰ ঈদগাহৰ পাছফালে এটা স্থানত স্থানীয় লোকসকলে জাবৰ পেলাইছিল৷ তাত শিশুৰ কাৰণে এখন স্কুল খুলিবলৈ বিচৰাত সকলোৱে সন্মতি জনালে আৰু উক্ত স্থান পৰিষ্কাৰ কৰিলে৷ পাছত আৰক্ষীয়ে এটা ডাঙৰ কোঠা সাজে৷ স্থানীয় লোকসকলে পঢ়াশালিখনৰ নাম দিছে ‘ছৌকি মে পাঠশালা’৷ সীমাপুৰী থানৰ এছ এইচ অ’ বিনয় যাদৱৰ মতে, কোঠা সাজি সম্পূৰ্ণ কৰাৰ পাছত পঢ়াশালিৰ বাবে প্ৰয়োজনীয় কিতাপ-পত্ৰ আৰু ডেস্ক-বেঞ্চৰ যোগাৰ কৰাৰ কথা আহিল৷ ইয়াৰ বাবে অঞ্চলটোৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ সৈতে যোগাযোগ কৰাত দহ হাজাৰতকৈ অধিক কিতাপ পোৱা হয়৷ এখন স্কুলে ডেক্স-বেঞ্চৰ যোগান ধৰে৷ শিশুসকলক পঢ়োৱাৰ বাবে সামাজিক সংগঠনেও সহায় কৰিছে৷ থানাৰ ফালৰ পৰা পঢ়াশালিত বিদ্যুতৰ যোগানৰ ব্যৱস্থা কৰা হৈছে৷ ইয়াৰ লগতে কিতাপ-পত্ৰ চুৰি হোৱা ঘটনা ৰোধ কৰাৰ বাবে প্ৰাচীৰৰ ব্যৱস্থাও কৰা হৈছে৷ আনহাতে এফ-ব্লকৰ পঢ়াশালিত ডেৰশতকৈ অধিক ছাত্ৰ-ছাত্ৰীয়ে পঢ়ি আছে৷