গোটেই দিন কামৰ ব্যস্ততাৰ পাছত শৰীৰ অৱশ, ক্লান্ত হৈ পৰে৷ এই ভাগৰ তথা ক্লান্তি দূৰ কৰাৰ বাবে জিৰণিৰ প্ৰয়োজন হয়৷ সেয়ে দুপৰীয়া ভাতসাঁজ খাই বহুতেই বিছনাত জিৰাবলৈ যায়৷ তেওঁলোকে পৰিশ্ৰম কৰি দিনত আধা ঘণ্টাৰ বাবে টোপনি গ’লে শৰীৰে পুনৰ কাৰ্যক্ষম সক্ৰিয় হৈ উঠে৷ অৱশ্যে দিনত শোৱাক লৈ বহু বিতৰ্কৰো সূচনা হৈছে৷ কিছুমানৰ মতে দিনত টোপনি মৰাটো শৰীৰৰ বাবে ক্ষতিকাৰক৷ আনহাতে কিছুৱে আকৌ ক’বলৈ বিচাৰে যে অত্যধিক পৰিশ্ৰমৰ পাছত দিনত অলপ সময়ৰ বাবে টোপনি মৰাটো ভাল৷ সেয়ে এই সন্দৰ্ভত বিশেষজ্ঞই কি কয় তাক জানো আহক৷
বিশেষজ্ঞই কোৱা মতে দুপৰীয়া কিছু সময়ৰ বাবে টোপনি গ’লে ৰক্তচাপ বা ব্লাড প্ৰেছাৰ নিয়ন্ত্ৰণত থাকে৷ ৰাতি টোপনি যোৱাতকৈ দুপৰীয়া শুলে বহুত শান্তি পোৱা যায়৷ দুপৰীয়া শোৱাৰ কিছু ইতিবাচক দিশ সম্পৰ্কে জানো আহক৷
দুপৰীয়াৰ টোপনিয়ে শৰীৰৰ ক্লান্তি দূৰ কৰি শক্তি পুনৰুদ্ধাৰ কৰাত সহায় কৰে৷ দুপৰীয়া টোপনি মাৰিলে মানসিক চাপ কমি থাকে তথা মুড ভালে ৰখাত সহায় কৰে৷ বিশেষজ্ঞই কোৱা মতে দুপৰীয়া শুলে মনোযোগ বৃদ্ধি তথা স্মৃতিশক্তি উন্নত হোাৃৱাত সহায় কৰে৷ দিনত টোপনি মাৰিলে কৰ্মক্ষমতা আৰু সৃজনশীলতা বঢ়াত সহায় কৰে৷
অৱশ্যে দিনত বেছি মাত্ৰাত শুলে ৰাতিৰ টোপনিত ব্যাঘাত জন্মিব পাৰে৷ ইয়াৰ কাৰণে দুপৰীয়া আধা ঘণ্টাতকৈ বেছি সময় টোপনি মাৰিব নালাগে৷ ইয়াৰ অন্যথা টোপনিৰ পৰিমাণ বেছি হ’লে শৰীৰলৈ অলস ভাব আহে৷ যাৰ বাবে মনলৈ অশান্তিহে আহিব পাৰে৷