Beauty PlusDaily newsDiet PlusFitness PlusHealth NaturallyHealth Talksদিনত নে ৰাতি? কল কেতিয়া খালে বেছি উপকাৰ পাবBy Health Plus - September 27, 202501Facebook Twitter Pinterest WhatsApp কল এনে এবিধ ফল, যি বছৰৰ সকলো সময়তে পোৱা যায়৷ পুষ্টিগুণ সমৃদ্ধ এই ফলবিধ নিয়মিত খালে সাধাৰণ ৰোগৰ পৰা সুৰক্ষিত থকাত সহায় কৰে৷ কলত প্ৰচুৰ পৰিমাণে শক:ৰা, ভিটামিন-এ, ভিটামিন-বি আৰু ভিটামিন-চি, কেলচিয়াম, আইৰন, লো, পৰ্যাপ্ত পৰিমাণে খাদ্যশক্তি পোৱা যায়৷ অন্য ফলত তুলনাত কল সহজলভ্যৰ লগতে দামো যথেষ্ট কম৷ উৎপাদন, সোৱাদ তথা পুষ্টিকৰ গুণৰ বাবে কলক ফলৰ ৰজা বোলে৷ অৱশ্যে কল কোন সময়ত খালে বেছি উপকাৰ পোৱা যায়, সেই সম্পৰ্কে বহুতৰে জ্ঞান নাই৷ আমি প্ৰায়ভাগেই যেতিয়াই মন যায়, তেতিয়াই কল খাওঁ যদিও এটা নিৰ্দিষ্ট সময়ত কল খালে বিৰাট উপকাৰ পোৱা যায়৷ বিশেষজ্ঞ জনোৱা মতে, পুৱাৰ ভাগত কল খালে শৰীৰ শক্তি বৃদ্ধি পায়৷ অৱশ্যে খালী পেটত কল খোৱা সঠিক নহয়৷ পুৱাৰ ভাগত ব্ৰেকফাষ্টৰ লগত কণী, টোষ্ট, কৰ্নফ্লেক্সৰ সৈতে কল খোৱাৰ বহুতৰে অভ্যাস৷ যিসকলে শৰীৰচৰ্চা কৰে, তেওঁলোকেৰ ব্ৰেকফাষ্টত কল খোৱা অতি আৱশ্যক৷ আনহাতে হজমৰ সমস্যা থাকিলে পুৱাৰ ভাগত কল খালে সুফল পোৱা যায়৷ পিনাট বাটাৰ, ইয়োগাৰ্ট বা পৰিজৰ সৈতে পুৱা কল খাব পাৰে৷বহুতেই ভাবে যে কল খালে শৰীৰৰ ওজন বৃদ্ধি হয়৷ সেয়ে শৰীৰৰ ওজন নিয়ন্ত্ৰণত ৰাখিবলৈ কল খাবলৈ বাদ দিয়ে৷ কিন্তু কল খুব পুষ্টিকৰ এবিধ ফল৷ ৰক্তচাপ সঠিক ৰখাৰ পৰা আৰম্ভ কৰি হূদৰোগ সমস্যা দূৰ কৰিবলৈ কল খাব পাৰে৷ ইয়াৰ উপৰি পকা-হালধীয়া কলত প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেণ্ট থকাৰ বাবে শৰীৰৰ বিভিন্ন উপকাৰ সাধন কৰে৷ পেট পৰিষ্কাৰ নহ’লে শৰীৰৰ বিভিন্ন সমস্যাই দেখা দিয়ে৷ এই কাৰণে পুৱা উঠিয়েই যাতে পেট পৰিষ্কাৰ হয়, সেই দিশত মন দিব লাগে৷ যিসকলৰ আলচাৰৰ দৰে সমস্যা থাকে, কোষ্ঠকাঠিন্যত ভোগে, তেওঁলোকে নিয়মিত কল খোৱাৰ অভ্যাস কৰক৷ আয়ুৰ্বেদ মতে ৰাতি কল খোৱাটো বিপজ্জনক নহয়৷ কল ঠাণ্ডা ফল৷ সেয়ে যিসকলৰ এজমা, চৰ্দি, কাহ আদিৰ সমস্যা থাকে, তেওঁলোকে ৰাতি কল খোৱাৰ পৰা বিৰত থাকক৷ পাকস্থলীৰ এচিড নিয়ন্ত্ৰণ কৰে কলে৷ কলে পাকস্থলীৰ আলচাৰ নিৰাময় কৰে৷ আনহাতে ক্লান্তিকৰ দিনৰ পাছত নিশা গভীৰ টোপনি বাবে কল উপকাৰী হ’ব পাৰে৷ সেয়ে কল দিনৰ ভাগত খালে বেছি উপকাৰ পোৱা যায় যদিও ৰাতিৰ ভাগত খালেও কোনো সমস্যা নাই৷ কিন্তু এজমা, চাইনাছ বা চৰ্দি, কাহ আদিৰ সমস্যা থাকিলে ৰাতি কল নোখোৱাই ভাল৷