দাইল প্ৰ’টিনৰ ভাল উৎস৷ দাইলৰ প্ৰ’টিন যথেষ্ট পৰিমাণে পোৱা যায়, যিয়ে শৰীৰৰ প্ৰ’টিনৰ অভাৱ দূৰ কৰে৷ দাইল তিনি চাৰিবাৰ পানীৰে ধুই পৰিষ্কাৰ কৰি সিজাই লোৱা হয়৷ তথাপিও দাইল ৰন্ধাৰ সময়ত কেৰাহীৰ ওপৰত দাইলৰ ফেন উঠে৷ বহুতই এই ফেনৰ কথা চিন্তা নকৰে৷ সিদ্ধ হোৱাৰ পাছত তাত পিঁয়াজ, জলকীয়া, কলা জিৰা আদি দিয়া তেলেৰে বনোৱা হয়৷ আনহাতে কম সময়তে দাইল বনাবলৈ প্ৰেছাৰ কুকাৰত দি হুইছেল মাৰিবলৈ দিয়া হয়৷ এইক্ষেত্ৰত অৱশ্যে ফেন পেলোৱাৰ কথাই নাই৷ কেৰাহীত সিদ্ধ হ’বলৈ দিয়ে ফেন দেখিলেও তেনেকৈয়ে পাছত দাইলত তেল মাৰে৷ কিন্তু এনে কৰাটো উচিতনে৷ জানিব পৰা মতে দাইল ফেনৰে ৰন্ধাটো উচিত নহয়৷ সিদ্ধ হ’বলৈ দিয়া দাইলত ফেন ওলালে লগে লগে ফেনবোৰ চেকি পেলাই দিব লাগে৷ এইগৰে কেইবাবাৰে ফেন পেলোৱাৰ পাছতে দাইলত তেল দিলেহে খাদ্য উপযোগী হৈ উঠে৷ পুষ্টিবিদৰ মতে দাইলৰ ফেন একেবাৰেই স্বাস্থ্যসন্মত নহয়৷ সেয়েহে দাইলৰ ওপৰত উঠা ফেন পেলাই দিব লাগে৷ বিশেষজ্ঞত কোৱা মতে, চাবোনৰ দৰে পিছল এই ফেন স্বাস্থ্যৰ কাৰণে অপকাৰী৷ দাইলৰ ফেনত ছেপোনিনছ নামৰ এবিধ উপাদান থাকে, যি পানীৰ সংস্পৰ্শলৈ আহি দ্ৰৱীভূত হৈ যায়৷ পানী গৰম হ’লে এই ছেপোনিনছে চাবোনৰ দৰে ফেন প্ৰস্তুত কৰে৷ বিভিন্ন গৱেষণাত পোৱা মতে চাবোনৰ দৰে এই পদাৰ্থবিধে শৰীৰৰ ক্ষতিসাধন কৰে৷ কিয়নো এই ফেনৰ বাবে দাইলত থকা গ্লাইকোছাইডৰ প্ৰাকৃতিক গঠন ক্ষতিগ্ৰস্ত হয়৷ যিয়ে শৰীৰৰ ক্ষতি কৰে৷ সেয়েহে দাইল সিদ্ধ কৰাৰ সময়ত ফেনবোৰ আঁতৰাইহে পাছত ৰান্ধি খোৱা উচিত৷