ছাল, চুলি ভালে ৰাখিবলৈ নাৰিকল তেলৰ বিকল্প নাই৷ মুখৰ দুৰ্গন্ধ নোহোৱা কৰিবলৈ ঘৰুৱাভাৱে বিধান হিচাপে নাৰিকল তেলেৰে কুলুকুলি কৰি মুখৰ দুৰ্গন্ধ নোহোৱা কৰিব পাৰি৷ কিন্তু দাঁতৰ স্বাস্থ্য ভালে ৰখাত যে নাৰিকল তেলৰ ভূমিকা আছে, সেই কথা বহুতেই হয়তো নাজানে৷ আমাৰ বহুতৰে ঠাণ্ডা অথবা গৰম বস্তু খালে দাঁতৰ সিৰসিৰণি উঠে৷ ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ বজাৰৰ পৰা কিনি অনা দামী বিশেষধৰণৰ টুথপেষ্ট ব্যৱহাৰ কৰা যায়, যদিও কিছুদিন এই সমস্যা নিৰাময় হয় যদিও পাছত পুনৰ আৰম্ভ হয়৷ অৰ্থাৎ এই সমস্যা দীৰ্ঘস্থায়ীভাৱে নিৰাময় নহয়৷ আনহাতে এনেধৰণৰ টুথপেষ্টত ৰাসায়নিক পদাৰ্থ মিহলি হৈ থাকে, যিয়ে মুখ তথা দাঁতৰ অনিষ্ট কৰিব পাৰে৷
সেয়ে দাঁতৰ সিৰসিৰণি কমাবলৈ প্ৰাকৃতিকভাৱে নাৰিকল তেলেৰে তৈয়াৰ কৰিব পাৰে একধৰণৰ মাজন৷ আয়ুৰ্বেদ কোৱা মতে কোনোধৰণৰ ৰায়াসনিক অবিহনে নাৰিকল তেল ব্যৱহাৰ কৰি দাঁতৰ সিৰসিৰণি নোহোৱা কৰিব পাৰি৷ এইদৰে দাঁত মাচাৰ ফলত দাঁত ভালে থকাটো সহায় কৰে৷ ইয়াৰ বাবে দাঁত ঘঁহাৰ সময়ত অলপ নাৰিকল তেল মুখত লৈ কুলুকুলু কৰিব৷ তাৰ পাছত এইখিনি পেলাই দিব৷ তাৰ পাছত দাঁত ভালদৰে ব্ৰাছ কৰি মুখখন ধুই দিব৷ ইয়াৰ ফলত মুখত থকা ক্ষতিকৰ বেক্টেৰিয়া তথা টক্সিন দূৰ কৰাত সহায় কৰে৷ আনহাতে নাৰিকল তেলেৰে দাঁতৰ মাজা মালিচ কৰিব পাৰে৷ দাঁতৰ মাজাৰ প্ৰদাহজনিত কোনো সমস্যা হ’লে সহজে নিৰাময় পাব৷ নাৰিকল তেলৰ সৈতে অলপমান হালধি মিহলাই দাঁত মাজিব পাৰে৷ ইয়াৰ ফলত দাঁতৰ ক্ষতপ্ৰাপ্ত হ্ৰাস পোৱাৰ লগতে দাঁতত পৰা দাগ সহজে নাইকিয়া হ’ব৷ যদি দাঁত ক’লা হৈ ইতিমধ্যে ক্ষয় হ’বলৈ আৰম্ভ কৰিছে, তেনে অৱস্থাত দাঁত মাজাৰ আগতে নাৰিকল তেল ব্যৱহাৰ কৰিলে সুফল পোৱা যায়৷