লিভাৰ আমাৰ শৰীৰৰ এটা অন্যতম গুৰুত্বপূৰ্ণ অংগ৷ লিভাৰে পৰিপাকতন্ত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে৷ আমি খোৱাৰ খাদ্যত ফেটৰ পৰিমাণ বেছি হ’লে লিভাৰত নিজৰ ভিতৰতে ফেট জমা হৈ থাকে৷ যদি অতিৰিক্ত ফেট লিভাৰত সঞ্চয় হয়ত তেতিয়াহ’লে ইয়াৰ কিছু জমা হয় লিভাৰত আৰু কিছু অংশ শৰীৰৰ আন অংগত স্থান পায়৷ লিভাৰৰ অধিকাংশ কোষ যদি ফেটেৰে ষ্ট’ৰ হয়, তেতিয়া তাক ফেটি লিভাৰৰ চিনড্ৰম বোলা হয়৷ আনহাতে ফেটি লিভাৰৰ লক্ষণ দাঁততো স্পষ্ট হয়৷ অৰ্থাৎ দাঁতৰ কিছুমান অসুবিধালৈ লক্ষ্য কৰিলে ফেটি লিভাৰ আক্ৰান্ত হোৱাটো নিশ্চিত কৰিব পাৰি৷ দাঁত ব্ৰাছ কৰাৰ সময়ত বিনা কাৰণত দাঁতৰ মাজাৰ পৰা তেজ বাহিৰ হ’লে, সেয়া ফেটি লিভাৰৰ লক্ষণ হ’ব পাৰে৷ ইয়াৰ উপৰি কোনো দুখ নোপোৱাকৈয়ে নাকেৰে সঘনাই তেজ ওলোৱাটো ফেটি লিভাৰৰ লক্ষণ৷ অথবা পিৰিঅ’ডোণ্টাইটিছ হ’ব পাৰে৷ যিটো দাঁতৰ গুৰুতৰ সমস্যা৷ আনহাতে আৰু কিছুমান লক্ষণ যেনে বমি বমি ভাব, ছালৰ খজুৱতি, আভোক লাগি থকা, তেজ বমি, হালধীয়া প্ৰস্ৰাৱ, ক্লান্তি, শৰীৰৰ দুৰ্বলতা আদিবোৰে ফেটি লিভাৰৰ প্ৰধান লক্ষণ৷