দাঁতৰ বিষৰ যন্ত্ৰণাত নোভোগা মানুহ খুব কম৷ ইয়াৰ বিষ কিমান বেদনাদায়ক, ভুক্তভোগীসকলেহে বুজিব পাৰে৷ দাঁতৰ সমস্যাসমূহৰ ভিতৰত দাঁতৰ আলু উখহা অন্যতম৷ দাঁত আৰু দাঁতৰ গুৰি অপৰিষ্কাৰ হ’লে দাঁতৰ আলু উখহা ৰোগে দেখা দিব পাৰে৷ ভিটামিন-চি আৰু ভিটামিন-ডিৰ অভাৱ হ’লেও এই ৰোগ হ’ব পাৰে৷ এই ৰোগ হ’লে দাঁতৰ গুৰিবোৰ উখহি পৰে৷ গুৰি পকি উখহা ঠাইৰ পৰা পূঁজ ওলায়৷ যথেষ্ট বিষ অনুভৱ হয়৷ মুখৰ পৰা দুৰ্গন্ধ ওলাল৷ ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ এইবোৰ ব্যৱস্থা ল’ব পাৰে৷
এৰী তেলৰ লগত কৰ্পূৰ মিহলাই দাঁতৰ গুৰিত লগাব লাগে৷
মহানিমৰ চাল জুইৰ পুৰি তাৰ ছাইৰে দাঁত মাজিলে দাঁতৰ বিষ কমে আৰু গুৰিৰ পৰা পূঁজ ওলোৱা নোহোৱা হয়৷
বকুল গছৰ চাল বা তাৰ ফল পিহি তাৰ ৰসেৰে মুখ কুলুকুলু কৰিলে সুফল পোৱা যায়৷
বগা সৰিয়হ বতি দাঁতৰ গুৰিত প্ৰলেপ দিব লাগে৷
কুহুমীয়া পানী নিমখ মিহলাই মুখ কুলুকুলু কৰিব লাগে৷
নিমপাত খোৱাৰ উপৰি ইয়াৰ ঠাৰিৰে দাঁচ মাজিব লাগে৷
চজিনা পাতৰ ৰস আৰু ইয়াৰ তেল লগাব লাগে৷
জ্বলা-পোৰা বস্তু কম খাব লাগে৷