দাঁতৰ আলু ওখহিছে নেকি? তেন্তে লওক এই টিপ্‌ছ

0
2469

দাঁতৰ বিষৰ যন্ত্ৰণাত নোভোগা মানুহ খুব কম৷ ইয়াৰ বিষ কিমান বেদনাদায়ক, ভুক্তভোগীসকলেহে বুজিব পাৰে৷ দাঁতৰ সমস্যাসমূহৰ ভিতৰত দাঁতৰ আলু উখহা অন্যতম৷ দাঁত আৰু দাঁতৰ গুৰি অপৰিষ্কাৰ হ’লে দাঁতৰ আলু উখহা ৰোগে দেখা দিব পাৰে৷ ভিটামিন-চি আৰু ভিটামিন-ডিৰ অভাৱ হ’লেও এই ৰোগ হ’ব পাৰে৷ এই ৰোগ হ’লে দাঁতৰ গুৰিবোৰ উখহি পৰে৷ গুৰি পকি উখহা ঠাইৰ পৰা পূঁজ ওলায়৷ যথেষ্ট বিষ অনুভৱ হয়৷ মুখৰ পৰা দুৰ্গন্ধ ওলায়৷ ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ–
(১) এৰী তেলৰ লগত কৰ্পূৰ মিহলাই দাঁতৰ গুৰিত লগাব লাগে৷
(২) মহানিমৰ চাল জুইত পুৰি তাৰ ছাইৰে দাঁত মাজিলে দাঁতৰ বিষ কমে আৰু গুৰিৰ পৰা পূঁজ ওলোৱা নোহোৱা হয়৷
(৩) বকুল গছৰ চাল বা তাৰ ফল পিহি তাৰ ৰসেৰে মুখ কুলুকুলু কৰিলে সুফল পোৱা যায়৷
(৪) বগা সৰিয়হ বতি দাঁতৰ গুৰিত প্ৰলেপ দিব লাগে৷
(৫) কুহুমীয়া পানীত নিমখ মিহলাই মুখ কুলুকুলু কৰিব লাগে৷
(৬) নিমপাত খোৱাৰ উপৰি ইয়াৰ ঠাৰিৰে দাঁত মাজিব লাগে৷
(৭) চজিনা পাতৰ ৰস আৰু ইয়াৰ তেল লগাব লাগে৷
(৮) জ্বলা-পোৰা বস্তু কম খাব লাগে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here