আমাৰ দাঁত দুপাৰী হৈছে সৌন্দৰ্যৰ প্ৰতীক৷ দাঁত দুপাৰীয়ে মানুহৰ সৌন্দৰ্য গুগুণে বঢ়াই দিয়ে৷ ইয়াৰ লগতে দাঁতে আমাৰ শাৰীৰিক শক্তি বজাই ৰাখে৷ দাঁতৰ যত্ন সঠিকভাৱে নল’লে বিভিন্ন সহজে বীজাণুৰ দ্বাৰা আক্ৰান্ত হৈ অকালতে নষ্ট হৈ যাব পাৰে৷ সেয়ে দাঁত ৰোগমুক্ত কৰিবলৈ দৈনন্দিন দাঁতৰ যতন লোৱা আৱশ্যক৷ দাঁত দুপাৰীৰ যত্ন নল’লে পাছত দাঁতৰে সমস্যাত নাথাকি বিভিন্ন ৰোগ হোৱাৰ আশংকা থাকে৷ হাৰ্ট কেয়াৰ ফাউণ্ডেশ্যন অব্ ইণ্ডিয়াৰ সভাপতি পদ্মশ্ৰী ডাঃ কে কে আগৰৱালে কৈছে যে বহু ভাৰতীয় লোকে মুখৰ স্বাস্থ্য বিধি সম্পৰ্কে অৱগত নহয়৷ তেওঁ জনোৱা মতে দাঁতৰ সমস্যা হ’লে হাৰ্টৰ ৰোগৰ লগতে বিভিন্ন শাৰীৰিক জটিলতাই দেখা দিব পাৰে৷ আনহাতে বৰ্তমান সময়ত শিশুসকলে অস্বাস্থ্যকৰ খাদ্য খোৱাৰ অভ্যাসৰ বাবে দাঁত ক্ষয় যোৱাৰ দৰে সমস্যা অধিক বৃদ্ধি পাইছে৷ তেওঁ লগতে কয় যে শিশুসকলৰ অতি প্ৰিয় কেলৰিযুক্ত খাদ্য যেনে বিস্কুট, চকলেট বা অন্য প্ৰক্ৰিয়াজাত খাদ্য চেনি বা নিমখৰ পৰিমাণ অধিক থাকে৷ এইবোৰ খোৱাৰ ফলত মুখৰ ভিতৰৰ সমস্যাৰ সৃষ্টি হোৱাৰ লগতে ইয়াৰ অৱশেষ দাঁত বা দাঁতৰ আলুত লাগি থাকি পাছলৈ দাঁতৰ গুৰুতৰ সমস্যাই দেখা দিব পাৰে৷
ডাঃ আগৰৱালে জনোৱা মতে মুখৰ বেক্টেৰিয়াই বৰ্জ্য পণ্য বা এচিড প্ৰস্তুত হয়, যিয়ে দাঁতৰ সৰু গহবৰ বা ফুটাৰ সৃষ্টি কৰে৷ ইয়েই দাঁতৰ ক্ষয়প্ৰাপ্ত প্ৰথম পৰ্যায়৷ এনে সমস্যা দেখা দিয়াৰ মাত্ৰাকে চিকিৎসা কৰা উচিত৷ অন্যথা এচিড দাঁতত প্ৰৱেশ কৰি দাঁতৰ ভিতৰৰ ক্ষতি কৰিব পাৰে৷ চিকিৎসকজনে কয় যে শিশুসকলক অত্যধিক চকলেট বা চেনিজাতীয় খাদ্য খোৱাৰ পৰা বিৰত ৰখা তথা অত্যধিক মাত্ৰাত জাংকফুডৰ পৰা দূৰত ৰাখিবলৈ অভিভাৱকসকলক পৰামৰ্শ দিয়ে৷
দাঁতৰ যত্নৰ কেইটামান টিপছ ঃ
নিয়মিতভাৱে পুৱা আৰু ৰাতি শোৱাৰ আগতে দুবাৰ দাঁত ব্ৰাছ কৰক, যিয়ে বেক্টেৰিয়া প্ৰতিৰোধ কৰাত সহায়ক হ’ব৷ অন্যথা দাঁতৰ ক্ষয় বা অন্যান্য পেৰিঅ’ডেণ্টেল ৰোগৰ কাৰণ হ’ব পাৰে৷
প্ৰতিদিনে দাঁতৰ ফাকবোৰ ভালগৰে পৰিষ্কাৰ কৰিব লাগে৷ যি ঠাইত ব্ৰাছ কৰিবলৈ অসুবিধা হয়, সেই ফাক বা ঠাইবোৰ লগাকৈ ভালদৰে পৰিষ্কাৰ কৰিবলৈ নেৰিব৷
চেনিযুক্ত বা ষ্টাৰ্চযুক্ত খাদ্য এৰাই চলিলে ভাল৷ এই জাতীয় খাদ্য সেৱনে চেনিৰ সৈতে মুখত থকা বেক্টেৰিয়াই বিক্ৰিয়া কৰি এচিড উৎপন্ন কৰে, যিয়ে দাঁতৰ ক্ষয় তথা এনামেল ক্ষয় কৰাত মুখ্য ভূমিকা লয়৷
মনত ৰাখিব দাঁতৰ লগতে জিভাখনো চাফা কৰিবলৈ নাপাহৰিব৷ কাৰণ এই অনিষ্টকাৰী বেক্টেৰিয়াবোৰ জিভাখনতে লাগি থাকে৷
দাঁতৰ ফাক বা দাঁতৰ আলুৰ পৰা কেতিয়াবা তেজ ওলালে লগে লগে চিকিৎসকৰ পৰামৰ্শ লওক৷ আনহাতে ছমাহৰ মূৰে মূৰে এবাৰ দাঁত পৰীক্ষা কৰাটো ভাল৷