বৰফৰে ঢকা দক্ষিণ মেৰুৰ জলবায়ুৰ ভয়াৱহ পৰিবৰ্তন হৈছে৷ এই তথ্য প্ৰকাশ কৰিছে৷ অষ্ট্ৰেলিয়াৰ ৱ’লংগং বিশ্ববিদ্যালয়ৰ বিজ্ঞানী ডানা এম বাৰ্গষ্ট্ৰমে৷ বিজ্ঞনীজনে প্ৰকাশ কৰা অনুসৰি দক্ষিণ মেৰুত শীতকালতো বৰফ নোহোৱা হৈ পৰিছে৷ তেওঁ লগতে এইবুলি সতৰ্ক কৰি দিছে যে বৰ্তমানৰ পৰিস্থিতি অব্যাহত থাকিলে অচিৰেই দক্ষিণ মেৰুৰ পৰা পেংগুইনো নোহোৱা হৈ পৰিব৷ কেইবাটাও দশক দক্ষিণ মেৰুক লৈ অধ্যয়ন কৰা বিজ্ঞানীজনৰ মতে, বৰ্তমান দক্ষিণ মেৰুৰ জলবায়ুৰ তাৎপৰ্যপূৰ্ণভাৱে পৰিৱৰ্তন হোৱা দেখা পোৱা গৈছে৷ তেওঁ কয় যে এইবাৰৰ শীতকালত দক্ষিণ মেৰুত অধিকাংশ অঞ্চলত বৰফমুক্ত হৈ আছে৷ ইয়াৰ লগতে সামুদ্ৰিক সোঁত মন্থৰ হৈ পৰিছে৷ হিমবাহ আৰু প্ৰকাণ্ড প্ৰকাণ্ড হিমখণ্ডবোৰত ফাট মেলিছে৷ ইয়াৰ পাৰিপাশ্বিৰ্ক অৱস্থা দ্ৰুত গতিত অৱনমিত হ’বলৈ ধৰিছে৷ বিজ্ঞানীসকলে লগতে প্ৰকাশ কৰে যে মানুহৰ কাৰ্যকলাপৰ কাৰণে সৃষ্টি হোৱা প্ৰদূষণে এক বিষাক্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ দক্ষিণ মেৰুও প্ৰদূষণৰ কবলত পৰিছে৷ পৰিস্থিতিয়ে অধিক শোচনীয় ৰূপ লোৱাৰ আশংকা প্ৰকাশ কৰিছে তেওঁ৷ মন কৰিবলগীয়া যে ভালেমান আন্তঃৰাষ্ট্ৰীয় বিজ্ঞানীয়ে বৰ্ধিত জলবায়ু সংকটৰ প্ৰতি লক্ষ্য ৰাখি দক্ষিণ মহাসাগৰীয় বিজ্ঞানৰ অচিৰেই বিস্তাৰৰ দাবী জনাইছে৷ দক্ষিণ মেৰুৰ পৰা অহা বিজ্ঞানীজনে কয় যে মই দক্ষিণ মেৰু আৰু উপ দক্ষিণ মেৰুৰ গৱেষণাত ৪০ বছৰ ব্যস্ত আছোঁ৷ তেওঁ কয় যে দক্ষিণ মেৰু সমগ্ৰ বিশ্বৰ বাবে গুৰুত্বপূৰ্ণ৷ তেওঁৰ মতে দক্ষিণ মেৰুত ঘটা ঘটনাৱলীয়ে বিশ্বৰ বতৰ প্ৰণালী আৰু সমুদ্ৰ স্তৰক প্ৰভাৱিত কৰে৷ তেওঁ লগতে কয়, ‘দক্ষিণ মেৰুত জলবায়ু পৰিৱৰ্তন হৈছে৷ বৰফ গলাৰ অভিলেখৰ সৃষ্টি হৈছে আৰু ইয়াৰ ফলত এক শৃংখলাবদ্ধ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ বৰফেৰে আবৃত হিমবাহ দ্ৰুত গতিত সমুদ্ৰৰ দিশে প্ৰৱাহিত হ’বলৈ ধৰিছে৷ পশ্চিম মেৰুত হিমবাহ অনুমান কৰাতকৈ অধিক হাৰত গলিবলৈ ধৰিছে৷ পূব মেৰুতো একে ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷