থাইৰয়ডে স্বাভাৱিক জীৱন ব্যাহত কৰিছে : চক্ৰাসন কৰক

0
11

থাইৰয়েড গ্ৰন্থিৰ অতিসক্ৰিয়তা কিম্বা নিষ্ক্ৰিয়তাৰ কাৰণে যিবোৰ সমস্যা আছে, এইবোৰ নতুন নহয়৷ সাম্প্ৰতিক সমীক্ষাত কোৱা হৈছে যে এই হৰমনৰ হেৰফেৰে পৃথিৱীৰ অন্ততঃ ১৫ শতাংশ মানুহৰ স্বাভাৱিক জীৱন ব্যাহত কৰিছে৷ বহু ক্ষেত্ৰত মহিলা বা পুৰুষ নিৰ্বিশেষ থাইৰয়েড সমস্যা নিয়ন্ত্ৰণত নাৰাখিলে ওজন বাঢ়ি যাব পাৰে৷ এই হৰমনৰ ভাৰসাম্যহীনতাৰ বাবে শাৰীৰবৃত্তীয় বহুতো কাম-কাজত ব্যাঘাত জন্মিব পাৰে৷ চিকিৎসকৰ পৰামৰ্শ অনুযায়ী ঔষধ খোৱাৰ উপৰি জীৱন-যাপনলৈ পৰিৱৰ্তন আনিলে থাইৰয়েডৰ সমস্যা বহুখিনি নিয়ন্ত্ৰণ কৰা সম্ভৱ৷ ইয়াৰ বাবে নিয়মিতভাৱে চক্ৰাসন কৰাৰ অভ্যাস কৰিব পাৰে৷ দৈনিক চক্ৰাসন আসন কৰিলে থাইৰয়েডৰ সমস্যা সহজে নিৰ্মূল হয়৷
কিদৰে কৰিব চক্ৰাসন ঃ- এই আসন কৰিবলৈ কঠিন যদিও ইয়াৰ উপকাৰিতা যথেষ্ট আছে৷ সংস্কৃতত চক্ৰৰ অৰ্থ চকা৷ অৰ্থাৎ এই আসন কৰিলে শৰীৰৰ ভংগী এনে হ’ব লাগে যাতে বাহিৰৰ পৰা দেখিলে চকাৰ দৰে লাগে৷ এই আসন কৰিবলৈ প্ৰথমে মাটিত ওপৰমুৱাকৈ সম্পূৰ্ণ শুই দিব৷ ইয়াৰ পাছত লাহে লাহে হাত দুখন ভাঁজ কৰি ল’ব৷ ভৰিৰ পতা মাটিত স্পৰ্শ কৰি দুই হাত লাহেকৈ ওপৰলৈ মেলি দিয়ক৷ ক্ৰমে মানুহজনৰ পেট, কঁকাল আদি মাজ অংশটো মাটিৰ পৰা ওপৰলৈ তুলি ধৰক৷ এনে সময়ত ভৰিৰ পতাটো মাটিত স্পৰ্শ কৰি থাকক আৰু হাতৰ তলুৱা দুখন মাটিত পাৰি দি শৰীৰৰ ভাৰ ৰাখি থাকক৷ এনে অৱস্থাত উশাহ-নিশাহ স্বাভাৱিক ধৰণে লওক৷ এইদৰে কিছু সময় ৰৈ পাছত পুনৰ আগৰ অৱস্থালৈ ঘূৰি আহক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here