কাহ এবিধ অস্বস্তিকৰ ৰোগ৷ ইয়াৰ চিকাৰ হোৱাসকলে ই কিমান বেদনাদায়ক অনুভৱ কৰে৷ কাহ সাধাৰণতে দুবিধ– এবিধ শুকান কাহ, আনবিধ কফযুক্ত কাহ৷ অত্যধিক ঠাণ্ডা খালে, ধঁপাতজাতীয়– বিড়ি, চিগাৰেট আদি খালে কাহ হয়৷ এইবিধ ৰোগত সাধাৰণতে ডিঙি চেৰচেৰাই, ঘনাই হাচি আহে, গাৰ বিষ বা কাহত বুকুপৰ্যন্ত বিষ অনুভৱ হয়৷ কাহৰ পৰা পৰিত্ৰাণ পাবলৈ কিছু ঘৰুৱাভাৱে প্ৰস্তুত কৰা বিধান মানিলে নিৰাময় পাব পাৰি৷
(১) জালুকৰ সৈতে তুলসীৰ পাত পিহি তাত মৌ অলপ দি খালে কাহ নিৰাময় হয়৷
(২) শুকান কাহৰ কাৰণে আদা অলপ থেতেলিয়াই চোবাই খালে ডিঙিৰ সুৰসুৰণি নোহোৱা হোৱাৰ লগতে কাহ নিৰ্মূল হয়৷
(৩) পুৰণি কাহত হালধিৰ ৰসৰ লগত মৌ অলপ মিহলাই খালে সুফল পোৱা যায়৷
(৪) কুঁহিয়াৰৰ ৰস খালে শুকান কাহ ভাল হয়৷
(৫) ঘিউত গুৰ মিহলি কৰি অলপ গৰম কৰি খালে কাহ নিৰাময় হয়৷ ইয়াৰ উপৰি ঘিউ আৰু নিমখ একেলগে মিহলি কৰি বুকুত মালিচ কৰিব লাগে, তেনে কৰিলে বুকুত কফ জমা নহয়৷
(৬) গৰম পানীত কেঁচা হালধিৰ ৰস মিহলি কৰি তাত কম পৰিমাণৰ নিমখ দি খালে কাহৰ পৰা উপশম পোৱা যায়৷
(৭) বাৰে বাৰে কাহ উঠিলে মিচিৰি মুখত লৈ থাকিলে সুফল পাব পাৰি৷
(৮) সৰিয়হৰ তেলত নহৰু গৰম কৰি বুকু, ডিঙি, পিঠি আদি মালিচ কৰিলেও কাহৰ পৰা হাত সাৰিব পাৰি৷