তেজৰ নমুনাত কৰ্কট চিনাক্তকৰণৰ বিশেষ যন্ত্ৰ

0
984
University of Pennsylvania আৰু Perelman School of Medicineৰ গৱেষকসকলে এক বিশেষ যন্ত্ৰ আৱিষ্কাৰ কৰি উলিয়াইছে৷ তেজৰ নমুনাত কৰ্কট ৰোগ চিনাক্ত কৰিবলৈ গৱেষকৰ দলটোৱে কৃত্ৰিম বুদ্ধিমত্তাৰ এবিধ যন্ত্ৰ উলিয়ায়৷ গৱেষকসকলৰ এক নতুন অধ্যয়ন অনুসৰি, তেজৰ নমুনাৰ পৰা ওলোৱা বাষ্প শুঙি চিনাক্ত কৰিব পৰা এক গোন্ধ আধাৰিত পৰীক্ষাই ৯৫ শতাংশপৰ্যন্ত শুদ্ধতাৰ সৈতে মানুহৰ অগ্নাশয় আৰু ডিম্বাশয়ৰ কৰ্কট কোষৰ মাজত পাৰ্থক্যসমূহ উলিয়াবলৈ সক্ষম হৈছে৷ পৰীক্ষাৰ তথ্য অনুসৰি, পেন বিকশিত সঁজুলি, যিয়ে তেজৰ প্লাজমা নমুনাত কোষবোৰ নিৰ্গত কৰা উদ্বায়ী জৈৱিক যৌগ মিশ্ৰণ বুজাবলৈ কৃত্ৰিম পদ্ধতি আৰু যন্ত্ৰৰ পৰীক্ষাসমূহ ব্যৱহাৰ কৰা হয়৷ গৱেষকৰ দলটোৰ বিজ্ঞানী জনছনে জনায় যে এইটো এটা প্ৰাৰম্ভিক অধ্যয়ন, কিন্তু ফলাফলবোৰ অত্যন্ত আশাব্যঞ্জক৷ উক্ত যন্ত্ৰটোৱে টিউমাৰবোৰৰ উন্নত আৰু প্ৰাথমিক দুয়োটা পৰ্যায় চিনাক্ত কৰিব পাৰিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here