Beauty PlusFitness PlusHealth NaturallyHealth Talksতেজত হিমগ্লবিনৰ পৰিমাণ কমিলে এইবোৰ খাওকBy Health Plus - May 5, 202509Facebook Twitter Pinterest WhatsApp হিমগ্লবিন হৈছে আমাৰ শৰীৰৰ ৰক্তকোষৰ আইৰনসমৃদ্ধ এটা প্ৰ’টিনস্বৰূপ৷ হিমগ্লবিনে দেহৰ প্ৰতিটো অংগলৈ অক্সিজেন সৰবৰাহ কৰাত বিশেষ ভূমিকা পালন কৰে৷ শৰীৰত হিমগ্লবিনৰ পৰিমাণ কমি গ’লে দেহত অক্সিজেনৰ সৰবৰাহ কমি যায়৷ ফলত শৰীৰ দুৰ্বল হৈ পৰে, মূৰৰ বিষ আৰু অন্যান্য ৰোগৰ লক্ষণে দেখা দিয়ে৷ সেয়েহে আজি আমি লৈ আহিছোঁ হিমগ্লবিনৰ কেইটামান উৎস, যাৰ দৈনিক সেৱনে আপোনাৰ শৰীৰৰ হিমগ্লবিনৰ মাত্ৰা অটুট ৰখাত সহায় কৰিব পাৰে৷হিমগ্লবিনৰ প্ৰধান উৎস হৈছে বিট৷ বিটত প্ৰচুৰ পৰিমাণে আইৰন, ফলিক এচিড, পটাচিয়াম আদি থাকে, যিয়ে হিমগ্লবিন বৃদ্ধিত যথেষ্ট সহায় কৰে৷হিমগ্লবিন বৃদ্ধি কৰিবৰ বাবে প্ৰতিদিনে এগিলাচকৈ ডালিমৰ ৰস খাব লাগে৷ আইৰন, কেলচিয়াম আৰু ফাইবাৰ সমৃদ্ধ ডালিমে তেজত হিমগ্লবিনৰ পৰিমাণ বৃদ্ধি কৰি ৰক্ত সঞ্চালন উন্নত কৰে৷প্ৰতিদিনে এটাকৈ আপেল খোৱাৰ অভ্যাস কৰিলে ই তেজত হিমগ্লবিনৰ মাত্ৰা সঠিক ৰখাত সহায় কৰিব পাৰে৷খিচমিচ ৰাতি পানীত তিয়াই খালেও হিমগ্লবিনৰ মাত্ৰা বৃদ্ধি পায়৷কণী, ডাৰ্ক চকলেট, কোমোৰা, তৰমুজ, বিলাহী, ছয়াবিন, সাগৰীয় মাছ, ভিটামিন-চিযুক্ত খাদ্যতো প্ৰচুৰ পৰিমাণে আইৰন থাকে, যিয়ে শৰীৰত হিমগ্লবিনৰ মাত্ৰা বৃদ্ধিত যথেষ্ট সহায় কৰে৷ গতিকে এনেধৰণৰ আইৰনসমৃদ্ধ খাদ্য আপোনাৰ দৈনিক খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰি দেহত হিমগ্লবিনৰ পৰিমাণ নিয়ন্ত্ৰণ ৰখাত অৰিহণা যোগাওঁ আহক৷