তীব্ৰ গৰমত ডাবৰ পানী নে ORSকোনবিধ বেছি উপকাৰী

0
356


গ্ৰীষ্মৰ উত্তাপে দহিছে ৰাজ্যবাসীক৷ এপ্ৰিল মাহতে সূৰ্যৰ দহনে সহ্যৰ সীমা চেৰাই গৈছে৷ এই উত্তাপত খাদ্যৰ লগতে শৰীৰৰ প্ৰতি খেয়াল ৰখাটো জৰুৰী৷ নহ’লে শাৰীৰিক জটিলতা বাঢ়ি যাব পাৰে৷ প্ৰখৰ গৰমৰ ফলত দেহৰ পৰা দ্ৰুত পৰিমাণে পানী ঘাম আকাৰে ওলাই যায়৷ লগতে ইলেকট্ৰলাইটছৰ ভাৰসাম্য নোহোৱা হয়৷ এই সময়ছোৱাত শৰীৰক পানীৰ প্ৰয়োজন হয় আৰু সেইটো ধ্যান দিয়াটো একান্তই প্ৰয়োজন৷ আমাৰ হাততে আছে এই পৰিস্থিতি চম্ভালাৰ৷ ডাবৰ পানী আৰু অ’আৰ এছ সূৰ্যৰ প্ৰখৰ ৰ’দৰ মুখামুখি হ’বলৈ ঢাল হিচাপে কাম কৰে৷ গৰমৰ পৰা সকাহ পাবলৈ ডাবৰ পানী আৰু অ’আৰএছ দুয়োটাই অত্যন্ত কাৰ্যকৰী৷ কিন্তু মনত প্ৰশ্ন আহিব পাৰে যে এই দুবিধৰ ভিতৰত কোনবিধ বেছি কাৰ্যকৰী তথা শৰীৰৰ বাবে উপকাৰী৷ প্ৰসংগতঃ এই তীব্ৰ উষ্ণতাত যিসকলে ৰ’দত থাকি কাম কৰিবলগীয়া হয়, তেওঁলোকৰ ক্ষেত্ৰত বেছি সমস্যা হয়৷ এইক্ষেত্ৰত হিট এক্সহউশ্যন, হিট ষ্ট্ৰ’ক, হিট ক্ৰাম্পৰ দৰে সমস্যাৰ আশংকাই দেখা দিয়ে৷ বিশিষ্ট পুষ্টিবিদ কয়েল পাল চৌধুৰীৰ মতে এই সমস্ত সমস্যাৰ পৰা পৰিত্ৰাণ পাব বিচাৰিলে ডাবৰ পানী তথা অ’আৰএছ সেৱন কৰাটো অতি জৰুৰী৷ অত্যন্ত গৰমত আমাৰ শৰীৰক হাইড্ৰেট ৰখাত তথা শৰীৰত ছডিয়াম, পটাাচিয়ামৰ ভাৰসাম্য বজাই ৰখাত ডাবপ পানী উত্তম৷ আনহাতে ডাবৰ পানীয়ে শৰীৰৰ বাবে প্ৰয়োজনীয় পানীৰ অভাৱ পূৰ কৰে৷ ঠিক একেদৰে এই পানীয় ইলেকট্ৰলাইটছৰ ভাণ্ডাৰ৷ সেয়েহে গৰমত শৰীৰ সুস্থ ৰাখিবলৈ ডাবৰ পানীৰ বিকল্প নাই বুলিয়েই জনাইছে পুষ্টিবিদ চৌধুৰীয়ে৷ আনহাতে বিশ্ব স্বাস্থ্য সংস্থাই জনাইছে যে অ’আৰএছৰ কম্পোজিশ্যন সম্পৰ্কে জনাই কয় যে ইয়াত ছডিয়াম ক্লৰাইড ২.৫ গ্ৰাম, ছডিয়াম নাইট্ৰেট ২.৯ গ্ৰাম, পটাচিয়াম ক্লৰাইড ১.৫ গ্ৰাম, ছুগাৰ ১৩.৫ গ্ৰাম থাকে৷ এইক্ষেত্ৰত এক গ্লাছ পানীত এপেকেট অ’আৰএছ মিশ্ৰণ কৰি খালে শৰীৰত পানীৰ নাটনি দূৰ হৈ শৰীৰ সুস্থ হৈ থাকে৷ ইয়ে ইলেকট্ৰলাইটছৰ সমতা বজাই ৰাখে৷ আনহাতে পুষ্টিবিদ কয়েল পাল চৌধুৰীয়ে কোৱা মতে অ’আৰএছ আৰু ডাবৰ পানী দুয়োটাই ভীষণ উপকাৰী৷ কিন্তু তেওঁ সদৰী কৰা মতে প্ৰাকৃতিকভাৱে পোৱা উপাদান খোৱাটো বেছি উপকাৰী৷ সেয়ে ধাৰণা কৰিব পাৰি যে অ’আৰএছতকৈ প্ৰাকৃতিকভাৱে পোৱা ডাবৰ পানী শৰীৰৰ বাবে বেছি উপকাৰী৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here