তিমি মাছৰ বমি কিয় মহামূল্যৱান ?

0
161

বহুতেই বাছ বা ট্ৰেইন যাত্ৰা আৰম্ভ কৰিলে বমি কৰাৰ অভ্যাস আছে৷ আনহাতে বহুতৰে আকৌ আনে বমি কৰা দেখা পালে ক’ব নোৱৰাকৈয়ে বমি ওলায়৷ মুঠতে বমি সকলোৰে বাবে এটা ঘৃণা লগা বা অসহ্যকৰ কৰ্ম৷ কিন্তু কেতিয়াবা এনে কথা শুনিছেনে যে এই ঘৃণা লগা, দেখিলেই ওকালি অহা বমি মহামূল্যৱান হ’ব পাৰে, তাকো প্ৰাণীৰ বমিৰ ক্ষেত্ৰত৷ আপুনি হয়তো নাজানে যে কোনো এবিধ প্ৰাণীৰ বমি বিক্ৰী হয় কোটি টকা দৰত৷ শুনিবলৈ আচহুৱা লাগিলেও এয়াই সত্য৷ তিমি মাছৰ বমি বিক্ৰী হয় কোটি টকা মূল্যত৷ এতিয়া হয়তো আপুনি ভাবিছে যে দেখিলে ঘৃণাৰ ভাব অহা তিমি মাছৰ বমি কি ৰহস্য আছে যে ইয়াৰ দাম কোটিৰ হিচাপত বিক্ৰী হয়৷ সেই কথাটোৱে আপোনালোকক জনাব বিচাৰিছোঁ৷
তিমি মাছৰ বমিক এম্বাৰগ্ৰিছ বোলা হয়৷ তিমিৰ পাকস্থলীত এম্বাৰগ্ৰিছ প্ৰস্তুত হ’বলৈ বছৰৰ বেছি সময় লাগি যায়৷ আনহাতে তিমিয়ে হাজাৰ হাজাৰ পৰিমাণৰ স্কুইড খায়৷ মাজে মাজে সেই স্কুইড পাকস্থলী আৰু অন্ত্ৰৰ মাজত জমা হ’বলৈ ধৰে৷ আৰু লাহে লহে সেই জমা হোৱাখিনিয়েই দীৰ্ঘদিনৰ পাছত এম্বাৰগ্ৰিছত পৰিণত হয়৷ তাৰ পাছত পৰৱৰ্তী সময়ত তিমি মাছে মুখেৰে এইবোৰ বাহিৰ কৰি দিয়ে৷ যাক আমি তিমিৰ বমি বুলি কওঁ৷ এই এম্বাৰগ্ৰিছ মমৰ দৰে পিছল হয়৷ আনহাতে প্ৰথমে যিখিনি তিমিৰ মুখেৰে বমি আকাৰে বাহিৰলৈ ওলায়, সেইখিনি সাংঘাতিক দুৰ্গন্ধ থাকে৷ কিন্তু যেতিয়া এইখিনি টান বা কঠিন হ’বলৈ ধৰে, তেতিয়া ইয়াৰ পৰা সুগন্ধ বাহিৰ হয়৷ সেয়েহে সুগন্ধি তৈয়াৰ কৰিবলৈ এম্বাৰগ্ৰিছৰ ব্যাপক চাহিদা আছে৷ বিশ্বৰ বিভিন্ন দামী সুগন্ধি তৈয়াৰৰ উপৰি ঔষধ প্ৰস্তুততো এই এম্বাৰগ্ৰিছ ব্যৱহাৰ কৰা হয়৷ ইয়াৰ কাৰণে তিমি মাছৰ বমিক বিজ্ঞানীসকলে ভাসমান সোণ বুলিও অভিহিত কৰিছে৷ আনহাতে ভাৰতীয় আইনমতে এম্বাৰগ্ৰিছ অৰ্জন বা বিক্ৰী কৰাটো অপৰাধ হিচাপে গণ্য কৰা হয়৷ বিজ্ঞানীৰ মতে তিমি মাছৰ বমিত এলকহল থাকে৷ কিন্তু প্ৰথমাৱস্থাত ইয়াৰ গোন্ধ ময়লাৰ দৰে হয় যদিও ধীৰে ধীৰে কাদামাটিৰ দৰে হ’বলৈ ধৰে৷ পানীত থকা অৱস্থাত এই বমি ঠাণ্ডা হৈ পাথৰৰ দৰে অৱস্থাপ্ৰাপ্ত হয়৷ আন্তৰ্জাতিক বজাৰত ইয়াৰ চাহিদা যথেষ্ট৷ ইয়াৰ কাৰণে কিছু দুষ্ট চক্ৰৰ লোকে অবৈধভাৱে তিমি মাছ চিকাৰ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here