তিমিৰ সৈতে কথোপকথন : এই দাবী বিজ্ঞানীৰ

0
126

এলিয়েনৰ সৈতে যোগাযোগৰ চেষ্টা বিজ্ঞানীয়ে বহু আগৰে পৰা কৰি আহিছে৷ সেই প্ৰচেষ্টাৰ অংশ হিচাপে যুক্ৰৰাষ্ট্ৰৰ ছাৰ্চ ফৰ এক্সট্ৰাটেৰেষ্ট্ৰিয়েল ইণ্টেলিজেন্সৰ চমুকৈ ছেটি বিজ্ঞানীসকলে দাবী কৰে যে আলাস্কাৰ এটা হাম্পবেক তিমিৰ সৈতে সফলভাৱে কথোপকথন কৰিবলৈ সক্ষম হৈছে৷ যুক্তৰাষ্ট্ৰভিত্তিক সংবাদ মাধ্যম ইনডিপেনডিণ্টে এক প্ৰতিবেদন এই খবৰটো প্ৰকাশিত হৈছে৷ উল্লেখ্য যে তিমিয়ে কেৱল শব্দ উৎপন্ন কৰাই নহয়, গান গাই নিদৰ মাজতো যোগাযোগ ৰক্ষা কৰি থাকে৷ বিজ্ঞানীৰ অনুসন্ধানত গম পোৱা গৈছে যে সিহঁতৰ নিজৰ মাজত আঞ্চলিক উপভাষাও আছে৷ তিমিয়ে তোলা জটিল স্বৰ পানীৰে হাজাৰ হাজাৰ মাইল দূৰত থকা তিমিৰ মাজলৈ পঠাব পাৰে৷ গৱেষণাৰ জৰিয়তে বহু তিমিৰ শব্দ ইয়াৰ আগতে ৰেকৰ্ড কৰা হৈছে৷ পানীৰ তলত সৃষ্টি কৰা এই স্বৰক গান হিচাপেও ধৰা হয়৷ গৱেষকৰ এই অনুসন্ধানৰ অংশ হিচাপে আলাস্কাৰ উপকূল অঞ্চলৰ আন তিমি সৈতে শুনাৰ কাৰণে হাম্পবেক তিনিৰ ৰেকৰ্ড কৰা স্বৰ পানীৰ তলত বজোৱা হৈছিল৷ তেওঁলোকে দেখিছিল যে বেছিভাগ তিমিয়ে এই শব্দ বা স্বৰলৈ কোনোধৰণৰ গুৰুত্ব দিয়া নাছিল যদিও টোৱাইন নামৰ এবিধ স্ত্ৰী তিমিয়ে বিজ্ঞানীৰ জাহাজখন প্ৰায় ২০ মিনিট প্ৰদক্ষিণ কৰিছিল৷ এই সময়ত হাম্পবেক তিমিৰ শব্দক অনুসৰণ কৰি শব্দও কৰিছিল টোৱেইনে৷ বিজ্ঞানীয়ে ধাৰণা কৰিছে যে পৃথিৱীৰ বাহিৰৰ বুদ্ধিমান প্ৰাণী অৰ্থাৎ এলিয়েনে ভৱিষ্যতে মানুহৰ সৈতে যোগাযোগ কৰিবলৈ আগ্ৰহী হ’ব৷ কিয়নো হাম্পবেক তিমিৰ আচৰণৰ পৰা সেই অনুমানৰ সমৰ্থন বাঢ়ি গৈছে৷ মানুহৰ বাহিৰেও তিমিৰ দৰে বুদ্ধিবৃত্তিক যোগাযোগ ব্যৱস্থাৰ ওপৰত ভিত্তি কৰি গৱেষকে এখন ফিল্টাৰ প্ৰস্তুতৰ আশা প্ৰকাশ কৰিছে, যাৰ দ্বাৰা প্ৰাপ্ত যিকোনো বহিৰ্জাগতিক সংকেত প্ৰয়োগ কৰিব পৰা যাব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here