তাৰুণ্য ধৰি ৰাখিবলৈ এই আসন কৰক

0
123

সময়ৰ লগে লগে আমাৰ শৰীৰত বয়সৰ চাপ পৰিবলৈ আৰম্ভ কৰে৷ আনহাতে বৰ্তমান সময়ত মানুহে যিদৰে প্ৰতিনিয়ত চলিলে, অনিয়ন্ত্ৰিত জীৱন-যাপন, খাদ্যাভ্যাস, মানসিক চাপ, উদ্বেগ আদি বিভিন্ন কাৰণত শৰীৰ আৰু মন সময়ত আগতে বুঢ়া হ’বলৈ ধৰিছে৷ ইয়াৰ উপৰি হাজাৰটা ৰোগ-ব্যাধি আছেই৷ সংক্ৰমণজনিত বেমাৰে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা তচনচ কৰে৷ সেয়ে এনে কিছুমান আসন আচে, যিবোৰ নিয়মিতভাৱে কৰিলে বেছি বয়সতো সুস্থ তথা নিৰোগী হৈ থাকিব পাৰি৷ শৰীৰৰ বসয়ৰ চাপ কেতিয়াও নপৰে৷ বয়স ৪০ ৰো অধিক হ’লেও দেখাত তৰুণ যেনেই দেখিব৷ ইয়াৰ লগতে বিভিন্ন ৰোগ-ব্যাধিৰ পৰাও মুক্ত কৰি ৰাখে এই আসনে৷
পদ্মহস্তাসন ঃ- প্ৰথমে মুকলি ঠাইত থিয় হৈ লওক৷ দুই ভৰিৰ মাজত সামান্য ব্যৱধান ৰাখক৷ ইয়াৰ পাছত মানুহজন আগলৈ হাউলি গৈ হাত দুখন মাটিত স্পৰ্শ কৰাকৈ ভৰিৰ তলুৱাত ৰাখক৷ এই অৱস্থাত ভৰিদুখন পোন কৰি ৰাখিব৷ ইয়াৰ পাছত মূৰটো হাউলি তলমুৱাকৈ ভৰিৰ স্পৰ্শ কৰাৰ যত্ন কৰক৷ এই ভংগীত কিছু সময় ৰৈ পাছত পুনৰ আগৰ অৱস্থালৈ ঘূৰি যাওক৷ এইদৰে পাঁচবাৰমান কৰক৷
মৎস্যাসন ঃ- মাছে পানীত তলত যি ভংগীত ভাহি থাকে, এই আসনে তেনে ভংগীত কৰা হয়৷ এই আসনে শৰীৰ মন সতেজ তথা শান্ত কৰি ৰাখে৷ ইয়াৰ বাবে প্ৰথমে মাটিৰ ওপৰত ওপৰমুৱাকৈ শুই লওক৷ তাৰ পাছত ভৰি দুখন কোঁচাই একেলগে জোৰা কৰি এখনৰ ওপৰত এখন দিয়ক আৰু দুই ভৰি পদ্মাসনত ৰাখক৷ এইবাৰ মানুহজন শোৱাৰ ভংগীৰে দীঘল হওক৷ মূৰটোৰ পিছ অংশ মাটিত গুঁজি ধৰক আৰু হাত দুখন কঁকালত ৰাখক৷ এইবাৰ মানুহজনৰ পিঠিৰ অংশটো ভাঁজ লগাই মাটিৰ ওপৰত ৰখাৰ চেষ্টা কৰক৷ এই সময়খিনিত মূৰটো আৰু কঁকালে শৰীৰৰ ভাৰসাম্যখিনি ৰাখিব৷ এইদৰে কিছু সময় থাকি পাছত আগৰ অৱস্থালৈ ঘূৰি আহক৷ এই আসন পাচ মিনিটমান কৰাৰ যত্ন কৰক৷
ময়ূৰাসন ঃ- এই আসনে আপোনাৰ কৰণ কৰি ৰখাত সহায় কৰে৷ আনহাতে পেট মেদ তথা পেটৰ বিভিন্ন সমস্যা নিৰাময়ত এই আসন উত্তম৷ এই আসন কৰিবলৈ প্ৰথমে আপুনি মাটি বা কথত তলমুৱা হৈ শুই লওক৷ তাৰ পাছত হাত দুখন পেটৰ সোঁমাজত ৰাখি শৰীৰৰ সম্পূৰ্ণ ভৰ হাত দুখন দি মূৰ আৰু ভৰি সমানে ওপৰলৈ উঠাবলৈ যত্ন কৰক৷ এনে সময়ত মনত ৰাখিব যে আপুনি হাতত ভৰ দি মাটিৰ ওপৰতে উপঙি আছে৷ এইদৰে কিছু সময় থাকি পুনৰ আগৰ অৱস্থালৈ আহি জিৰণি লওক৷
এইধৰণৰ আসন নিয়মিতভাৱে কৰিলে বুঢ়া বয়সতো আপোনাক তাৰুণ্য যেন লগা হ’ব৷ কেতিয়াও বয়সৰ চাপ নপৰে তথা শাৰীৰিক বিভিন্ন সমস্যাৰ সমাধানত সহায় কৰিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here