তথ্য : ৫০ হাজাৰ বছৰলৈ ভুগিব লাগিব জলবায়ু পৰিৱৰ্তনৰ ফল

0
677


জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ ইতিমধ্যে বিশ্বত পৰিছে৷ ইয়াৰ ফলত বিশ্বৰ বিভিন্ন স্থানত বতৰে অস্বাভাৱিক ৰূপ ধাৰণ কৰিবলৈ লৈছে৷ বিগত কেইটামান বছৰ হোৱা জলবায়ু পৰিৱৰ্তনে বতৰ চক্ৰক সলনি কৰি পেলাইছে৷ ইয়াৰ ফলত আবতৰীয়া বৰষুণ, ভূমিস্খলন, বান, খৰাং আদিৰ দৰে প্ৰাকৃতিক দুৰ্যোগ বৃদ্ধি পাবলৈ ধৰিছে৷ ইয়াৰ লগতে পৃথিৱীৰ তাপমাত্ৰাও বৃদ্ধি পাবলৈ ধৰিছে৷ বিজ্ঞানীসকলে জলবায়ু পৰিৱৰ্তন তথা পৃথিৱীৰ উষ্ণতা বৃদ্ধিৰ প্ৰতিৰোধ কৰিবলৈ অহৰহ চেষ্টা অব্যাহত ৰাখিছে৷ বিজ্ঞানীসকলে এইদৰে ইয়াৰ প্ৰতিৰোধ কৰাৰ সন্ধান লাভ কৰাৰ সময়তে এক হতাশাজনক তথ্য লাভ কৰিবলৈ সক্ষম হৈছে৷ গৱেষকসকলে প্ৰকাশ কৰা অনুসৰি বিশ্বৰ জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ ৫০ হাজাৰ বছৰলৈ অব্যাহত থাকিব৷ গ্ৰীন হাউছ গেছৰ নিৰ্গমণ হ্ৰাস নোপোৱাৰ ফলত যোৱা শতিকাৰ মাজভাগৰ পৰা চলিত শতিকালৈ বিশ্বৰ উষ্ণতা আধা ডিগ্ৰী বৃদ্ধি পাইছে৷ কিন্তু চলিত শতিকাৰ আৰম্ভণিৰ সময়ছোৱাত বিশ্বৰ তাপমাত্ৰা ০.৫ ডিগ্ৰী বৃদ্ধি পাইছে৷ ইয়াৰ ফলত জলবায়ুৰ পৰিৱৰ্তন বিশ্বৰ বাবে আটাইতকৈ ভয়াৱহ সমস্যাৰূপে পৰিগণিত হৈছে৷ এখন প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি যোৱা ৯ বছৰত পৃথিৱী আটাইতকৈ বেছি গৰম হৈছে৷ ইয়াৰ ফলত পৃথিৱীৰ পাৰিপাশ্বিৰ্ক তন্ত্ৰৰ ভাৰসাম্য বিনষ্ট হ’বলৈ ধৰিছে৷ ঔদ্যোগীকৰণৰ আগতে পৃথিৱীৰ বায়ুমণ্ডলত থকা কাৰ্বন ডাই অক্সাইডৰ মাত্ৰা আছিল ২৮০ পি পি এম৷ এতিয়া ইয়াৰ মাত্ৰা বৃদ্ধি পাইছে ৪২০ পি পি এমলৈ৷ বায়ুমণ্ডলত কাৰ্বনৰ এই মাত্ৰাৰ পৰিমাণে কোনোৱাৰ চেষ্টা নকৰিলে অনাগত দিনত পৃথিৱীৰ ভয়াৱহ দিশৰ ফালে গতি কৰিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here