তথ্য : দুটা নক্ষত্ৰৰ সংঘৰ্ষৰ বিস্ফোৰণত সৃষ্টি হয় সোণৰ

0
141


বিশ্বৰ আটাইতকৈ আকৰ্ষণীয় তথা মূল্যৱান ধাতু হ’ল সোণ৷ পৃথিৱীত সোণ পোৱা যায় খনিত৷ বিজ্ঞানৰ অগ্ৰগতিৰ পাছতো মানুহে এতিয়ালৈকে সোণৰ দৰে ধাতু সৃষ্টি কৰিব পৰা নাই৷ খনিত পোৱা ধাতুৰ আকৰৰ পৰা সোণ উলিওৱা হয়৷ বিজ্ঞানীসকলে প্ৰকাশ কৰা অনুসৰি এনেধৰণৰ গধুৰ ধাতু পৃথিৱীত কেতিয়াও সৃষ্টি হোৱা নাই৷ কেৱল পৃথিৱীয়েই নহয়, সৌৰজগততো কোনোধৰণৰ প্ৰক্ৰিয়াৰে এনেধৰণৰ ধাতুৰ সৃষ্টি হোৱা নাই৷ বিজ্ঞানীসকলৰ মতে কেৱল সোণেই নহয়, লোহাকে ধৰি আন গধুৰ ধাতুৰো পৃথিৱী বা সৌৰজগতত সৃষ্টি হোৱা নাই৷ এনে ধাতুৰ উৎপত্তি হয় দুটা নক্ষত্ৰৰ সংঘৰ্ষৰ ফলত সৃষ্টি হোৱা বিস্ফোৰণত৷ বিজ্ঞানীসকলৰ মতে মহাকাশত যেতিয়া দুটা অতি ঘন আৰু মৃত নক্ষত্ৰৰ সংঘৰ্ষৰ সৃষ্টি হয় তেতিয়া কম্পনৰ সৃষ্টি হয়, যাক মাধ্যাকৰ্ষণিক তৰংগ বুলি কোৱা হয়৷ ইয়াৰ ফলত অতি উচ্চ শক্তিসম্পন্ন গামা ৰশ্মিৰ বিস্ফোৰণ হয় আৰু তাৰ লগে লগে অতি উজ্জ্বল পোহৰৰো সৃষ্টি হয়৷ বিজ্ঞানীসকলে প্ৰকাশ কৰা অনুসৰি যেতিয়া অতি ভাৰযুক্ত নক্ষত্ৰৰ মৃত হ’বলৈ ধৰে তেতিয়া ইয়াৰ পাৰমাণৱিক ফিউজন প্ৰক্ৰিয়া বন্ধ হৈ পৰে৷ ফলত এনে নক্ষত্ৰ অতি ঘন নিউট্ৰন নক্ষত্ৰলৈ ৰূপান্তৰ হয়৷ যেতিয়া এনেধৰণৰ নিউট্ৰন নক্ষত্ৰৰ সংঘৰ্ষৰ সৃষ্টি হয় তেতিয়া ইয়াৰ পৰা নিউট্ৰন মহাকাশলৈ নিৰ্গত হ’বলৈ ধৰে আৰু এই নিউট্ৰনবোৰে আন পৰমাণুৰ সৈতে মিলি অত্যধিক গধুৰ দ্ৰব্যৰ সৃষ্টি কৰে আৰু ই অস্থিৰ হৈ লাহে লাহে বিখণ্ডিত হ’বলৈ ধৰে৷ এই প্ৰক্ৰিয়াৰ জৰিয়তে সোণৰ দৰে ধাতুৰ সৃষ্টি হয়৷ বিজ্ঞানীসকলে বিশ্ব ব্ৰহ্মাণ্ডত গধুৰ ধাতুৰ সৃষ্টি কেনেকৈ সৃষ্টি হৈছিল সেই বিষয়ে অধ্যয়নৰ কাৰণে উন্নত মানৰ মডেল ব্যৱহাৰ কৰিছে৷ তেওঁলোকে প্ৰকাশ কৰা অনুসৰি নতুন প্ৰণালীয়ে অতি ঘন পদাৰ্থৰ গুণসমূহ বিশ্লেষণ কৰাত সহায় কৰিব৷ ইয়াৰ লগতে নিউট্ৰন নক্ষত্ৰ সংঘৰ্ষৰ ফলত সোণৰ দৰে গধুৰ ধাতুৰ কেনেকৈ উৎপত্তি হয় সেইটো জনাতো সহায় কৰিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here