তথ্য : কাপোৰৰ পৰা উৎপন্ন হয় কেইবাকোটি আৱৰ্জনা

0
71

সমগ্ৰ বিশ্ব বৰ্তমান প্ৰদূষণৰ কবলত পৰিছে৷ এই প্ৰদূষণৰ মাত্ৰা দৈনিক বৃদ্ধি হৈ আছে৷ বায়ু প্ৰদূষণ, পানী প্ৰদূষণ, শব্দ প্ৰদূষণ, আৱৰ্জনাৰ দ্বাৰা পৰিৱেশ প্ৰদূষণ আদি বৃদ্ধিৰ ফলত পৃথিৱীত বিভিন্ন ৰোগকে ধৰি মানুহৰ বিভিন্ন অনিষ্ট সাধন কৰি আহিছে৷ শেহতীয়াভাৱে প্ৰদূষণ সম্পৰ্কীয় এক তথ্যই চকু কপালত তুলিছে৷ সমগ্ৰ বিশ্বতে প্ৰদূষণৰ বিভিন্ন কাৰক জড়িত হৈ আছে আৰু এই কাৰকসমূহৰ ভিতৰত শেহতীয়াভাৱে সংযেজিত হৈছে বস্ত্ৰ৷ হয়, ঠিকেই শুনিছে৷ নৰ্থ কেৰোলিনা বিশ্ববিদ্যালয়ৰ গৱেষকে প্ৰকাশ কৰা এক তথ্যৰ পৰা এই কথা জানিব পৰা গৈছে৷ গৱেষণাত কোৱা হৈছে যে সমগ্ৰ বিশ্বজুৰি কাপোৰৰ পৰা বছৰি দুই কোটি টন প্লাষ্টিকৰ আৱৰ্জনা জমা হয়৷ আৰু এই আৱৰ্জনাৰ ৪০ শতাংশ আৱৰ্জনা ভালদৰে নষ্ট বা পচি নোযোৱাৰ ফলত মাটি, পানী, বায়ু আদি সকলোতে প্ৰদূষণৰ সৃষ্টি কৰে৷ উল্লেখ্য যে বস্ত্ৰৰ পৰা উৎপন্ন হোৱা আৱৰ্জনাই প্ৰদূষণৰ সৃষ্টিৰ কাৰক হিচাপে ইমানদিনে বিবেচিত হোৱা নাছিল যদিও শেহতীয়াকৈ কৰা অধ্যয়নটো এই কথা পোহৰলৈ আহে যে বস্ত্ৰয়ো প্ৰদূষণৰ সৃষ্টি কৰে৷ কিয়নো বিশ্বৰ পৰিৱেশৰ লগত ছিন্থেটিক কাপোৰৰ পৰা উৎপন্ন হোৱা প্লাষ্টিকে প্ৰদূষণৰ সৃষ্টি কৰিব পাৰে৷ কিন্তু বৰ্তমান ছিন্থেটিক কাপোৰৰ চাহিদা বৃদ্ধি পাইছে আৰু অব্যৱহূত হোৱাৰ পাছত এই কাপোৰৰ আৱৰ্জনা মাটিত লগত মিহলি নহয়৷ পচি নোযোৱাৰ ফলত এইবোৰে বায়ু প্ৰদূষণত অৰিহণা যোগায়৷ গৱেষণাৰ পৰা পোৱা মতে আমেৰিকা, জাপান আদিৰ দৰে ধনী দেশসমূহৰ জৰিয়তে আটাইতকৈ বেছি পৰিমাণে বস্ত্ৰৰ পৰা প্ৰদূষণৰ সৃষ্টি হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here