তথ্য : আগন্তুক ৬০ বছৰত বিশ্বৰ জনসংখ্যা ২০০ কোটি বৃদ্ধি পাব

0
50

আগন্তুক ৬০ বছৰত বিশ্বৰ জনসংখ্যা ২০০ কোটি বৃদ্ধি পাব৷ আনহাতে ভাৰত শতিকাটোৰ শেষলৈকে বিশ্বৰ সৰ্বাধিক জনসংখ্যাৰ দেশ হৈয়ে থাকিব৷ ভাৰতৰ জনসংখ্যা ২০৬০ দশকৰ আগভাগত আটাইতকৈ বেছি হ’ব আৰু তাৰ পাছত ১২ শতাংশ হ্ৰাস পাব৷ ৰাষ্ট্ৰসংঘৰ এক প্ৰতিবেদনত এই কথা কোৱা হৈছে৷ ৰাষ্ট্ৰসংঘৰ ৱৰ্ল্ড পপুলেশ্যন প্ৰছপেক্টছ ২০২৪ত বিশ্বৰ জনসংখ্যা বৃদ্ধি আগন্তুক ৫০-৬০ বছৰত অব্যাহত থাকি ২০৮০ দশকৰ মাজভাগত ১০০০.৩ কোটিৰো সৰ্বাধিক হ’ব বুলি পূৰ্বানুমান কৰা হৈছে৷ যোৱা বছৰ চীনক চেৰ পেলাই বিশ্বৰ সৰ্বাধিক জনসংখ্যাৰ দেশ হোৱা ভাৰত গোটেই শতিকাটোতে বিশ্বৰ সৰ্বাধিক জনসংখ্যাৰ দেশ হৈয়ে থাকিব৷ ৰাষ্ট্ৰসংঘৰ অৰ্থনৈতিক আৰু সামাজিক পৰিক্ৰমা বিভাগৰ জনসংখ্যা শাখাৰ ৱৰ্ল্ড পপুলেশ্যন প্ৰছপেক্টছৰ প্ৰতিবেদনত এই কথা কোৱা হৈছে৷ প্ৰতিবেদনখন মতে ভাৰতৰ বৰ্তমানৰ জনসংখ্যা হৈছে ১৪৫.১ কোটি আৰু এই সংখ্যা ১৬৯ কোটিলৈ বৃদ্ধি পাব৷ প্ৰতিবেদনখন মতে ২০৬০ৰ দশকটোত ভাৰতৰ জনসংখ্যা আটাইতকৈ বৃদ্ধি পাব আৰু তাৰ পাছত কিছু হ্ৰাস পাব৷ আনহাতে ২০২৪ চনত ১৪১ কোটি জনসংখ্যা থকা চীনৰ জনসংখ্যা ২০৫৪ চনত ১২১ কোটিলৈ হ্ৰাস পাব আৰপ ২১০০ চনত এই সংখ্যা হ’ব ৬৩.৩ কোটি৷ তেনেদৰে উক্ত সময়ছোৱাত জাপানৰ জনসংখ্যা ২.১ কোটি আৰু ৰাছিয়াৰ জনসংখ্যা এক কোটি হ্ৰাস পাব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here