তথ্য : অসমৰ বাগিচা অঞ্চলত হাঁওফাঁওজনিত ৰোগীৰ সংখ্যা বৃদ্ধি

0
130

অসমৰ আন প্ৰান্তৰ তুলনাত চাহ বাগিচা অঞ্চলত বাস কৰা লোকসকলৰ মাজৰ ৰোগ প্ৰাৰ্দুভাৱ যথেষ্ট বেছি৷ ইয়াৰ কাৰণ সম্পৰ্কে অসম চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক-গৱেষকে ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰি এক গৱেষণা কাৰ্য সম্পাদন কৰে৷ মহাবিদ্যালয়খনৰ উপাধ্যক্ষ ড॰ ৰীমা নাথ, জ্যেষ্ঠ চিকিৎসক ডাঃ গৌৰাংগ গগৈ, ডাঃ ঐশ্বৰ্য চেলভাচেখৰ আৰু ডাঃ প্ৰণামী গগৈৰে গঠিত এদল চিকিৎসকৰ দলে চাহ বাগিচা অঞ্চলত অধ্যয়ন চলাই এই তথ্য পোহৰলৈ আনে যে এই অঞ্চলৰ লোকসকলে যক্ষ্মা ৰোগত আক্ৰান্ত হোৱাৰ পাছত ৰোগীসকল চি পি এ নামৰ এক ৰোগত আক্ৰান্ত হৈ মৃত্যুমু্‌খত পৰে৷ ইয়াৰ ৰহস্য ভেদ কৰিবলৈ গৱেষকৰ দলটোৱে ডিব্ৰুগড়ৰ চাৰিখন চাহ বাগিচাত চি পি এৰ ওপৰত বছৰজোৰা গৱেষণা আৰম্ভ কৰে৷ দলটোৱে চাহ বাগিচা অঞ্চলত চিকিৎসাধীন হৈ থকা প্ৰায় ১২৮ গৰাকী ৰোগীৰ পৰা নমুনা সংগ্ৰহ কৰি পৰীক্ষা চলায়৷ ইয়াৰে ১৪ গৰাকী ৰোগৰ দেহত হাঁওফাঁওৰ বাবে অতি মাৰাত্মক চি পি এ ধৰা পৰে৷ যিটো অতি উদ্বেগজনক আৰু চিন্তনীয় বিষয় বুলি গৱেষকৰ দলটোৱে সদৰী কৰিছে৷ তেওঁলোকে লগতে জানিবলৈ দিয়ে যে অতিশীঘ্ৰে যদি এই ৰোগৰ প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ নকৰে, তেনেহ’লে এইদৰে ৰোগীয়ে মৃত্যুমুখত পৰাটো স্বাভাৱিক৷ এই ৰোগ হোৱাৰ বিভিন্ন কাৰক তথা পৰিত্ৰাণৰ উপায় হিচাপে গৱেষকৰ দলটোৱে সমাধানৰ ব্যাখ্যা আগবঢ়াইছে আৰু চৰকাৰৰ ফালৰ পৰা ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here