তথ্য : অসমত ক্ষিপ্ৰতাৰে বৃদ্ধি পাইছে এইড্‌ছ ৰোগী

0
140


ৰাজ্যত ভয়াৱহ ৰূপত বৃদ্ধি পাইছে এইচ আই ভিৰ সংক্ৰমণ৷ ২০২৩ চনৰ ডিচেম্বৰ পৰ্যন্ত ৰাজ্যত এইচ আই ভিত আক্ৰান্ত লোকৰ সংখ্যা হৈছেগৈ ৩১,৭২৯ গৰাকী৷ অসম বিধানসভাত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই এই তথ্য সদৰী কৰে৷ কংগ্ৰেছৰ বিধায়ক শিৱামণি বৰাৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰী মহন্তই কয় যে ২০০২ চনৰ পৰা ২০২৩ চনলৈ ৰাজ্যত ৮৯,৮৪,৫৯০ গৰাকী লোকৰ তেজৰ নমুনা পৰীক্ষা কৰাত ৩১,৭২৯ গৰাকী লোকৰ শৰীৰত এইচ আই ভিৰ সংক্ৰমণ ধৰে পৰে৷ আনহাতে যোৱা এটা বছৰতেই ৫৭৫১ গৰাকী লোক এইচ আই ভিত আক্ৰান্ত হোৱা বুলিও মন্ত্ৰী মহন্তই প্ৰকাশ কৰে৷ তেওঁ কয় যে বিগত বছৰটোত ৯,৯০,৩৭২ গৰাকী লোকৰ তেজৰ নমুনা পৰীক্ষা কৰা হৈছিল আৰু তাৰে ৫৭৫১ গৰাকীয়ে আক্ৰান্ত৷ ড্ৰাগ্‌ছ আসক্ত লোক, তৃতীয় লিংগৰ লোক আৰু ট্ৰাক চালক আদিৰ পৰা ৰাজ্যত এইচ আই ভিৰ সংক্ৰমণ বৃদ্ধি পোৱা বুলি প্ৰকাশ কৰে৷ উল্লেখ্য যে শেহতীয়াকৈ নগাঁও জিলাত এইডছত আক্ৰান্ত লোকৰ সংখ্যা অধিক বৃদ্ধি পোৱা বুলি কংগ্ৰেছৰ বিধায়িকা শিৱামণি বৰাৰ লগতে শাসক দলৰ বিধায়ক ৰূপক শৰ্মায়ো বিষয়টো বিভাগীয় মন্ত্ৰীৰ দৃষ্টিগোচৰ কৰায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here