আজি গোটেই ভাৰতবৰ্ষতে বৰবিহ স্বৰূপ ড্ৰাগ্ছে চাৰিওফালে ছানি ধৰিছে৷ ইয়াৰ বিৰুদ্ধে সময়ে সময়ে ব্যৱস্থা গ্ৰহণ কৰা হয় যদিও এটা সময়ত গোটেই প্ৰক্ৰিয়াটোৱে নিতাল মাৰে৷ ড্ৰাগ্ছ-বিৰোধী অভিযানত এইবাৰ কিন্তু অসম আৰক্ষী যথেষ্ট কঠোৰ হৈছে৷ শেহতীয়াভাৱে অসম আৰক্ষীয়ে ড্ৰাগ্ছ, কানি, ভাং আদি মাৰাত্মক নিচাযুক্ত বৰবিহৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে৷ নিতৌ নতুন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁলোকৰ পৰা বৃহৎ পৰিমাণ ড্ৰাগ্ছ জব্দ কৰিবলৈ সক্ষম হৈছে৷ অসম আৰক্ষীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তত নৱপ্ৰজন্মক কোঙা কৰি পেলোৱা মাৰাত্মক ড্ৰাগ্ছৰ বিৰুদ্ধে অভিযান চলাই বহুকেইজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷ প্ৰতিদিনেই ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত আৰক্ষীয়ে ড্ৰাগ্ছ তথা নিচাজাতীয় দ্ৰব্যৰ বেহা চলাই থকা লোকসকলৰ বিৰুদ্ধে কঠোৰ অভিযান অব্যাহত ৰাখিছে। উজনিৰ পৰা নামনিলৈকে চলা এই ড্ৰাগ্ছ-বিৰোধী অভিযান ব্যাপক হাৰত চলোৱাত এতিয়া কঁপি উঠিছে ড্ৰাগছৰ সৈতে জড়িত লোকসকল৷ মুঠৰ ওপৰত, এতিয়া ৰাজ্যৰ চৌদিশে চলিছে ড্ৰাগ্ছ-বিৰোধী অভিযান৷ স্পষ্টভাৱে দেখা গৈছে যে ড০ হিমন্তবিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ দায়িত্বভাৰ গৰহণ কৰাৰ পাছৰে পৰা সমগ্ৰ অসমতে ড্ৰাগছৰ বিৰুদ্ধে চলিছে তীব্ৰ অভিযান। গুৱাহাটী মহানগৰ আৰক্ষীয়েও ড্ৰাগ্ছৰ বিৰুদ্ধে তীব্ৰ অভিযান অব্যাহত ৰাখিছে৷ যোৱা কেইবাদিনো ধৰি মহানগৰ আৰক্ষীয়ে অভিযান চলাই ব্ৰাউন ছুগাৰ, হেৰ’ইন, কানি, আফিং আদি জব্দ কৰাৰ লগতে কেইবাজনো ড্ৰাগ্ছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষয় হয়৷ আনহাতে দিছপুৰ আৰক্ষীয়ে যোৱা ৬ জুনৰ সন্ধিয়া হেঙেৰাবাৰীৰ লিচুবাগানৰ পৰা দুজন ড্ৰাগ্ছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে৷ ধৃত যুৱক দুজন ধনঞ্জয় ইংতি আৰু বলোৰাম কলিতা বুলি জানিব পৰা গৈছে৷ তেওঁলোকৰ পৰা আৰক্ষীয়ে ৪১টা ছিৰিঞ্জ আৰু ৬৩টা ড্ৰাগ্ছভৰ্তি কণ্টেইনাৰ জব্দ কৰিবলৈ সক্ষম হয়৷ একেদৰে মহানগৰৰ বৰাগাঁও আৰক্ষীয়ে অভিযান চলাই নাৰায়ণ দাস ওৰফে আব্দুল্লা শ্বেইখ নামৰ ড্ৰাগ্ছ সৰবৰাহকাৰীজনক বৰাগাঁওস্থিত এক্সেল কেয়াৰ হাস্পতালৰ সন্মুখৰ পৰা গ্ৰেপ্তাৰ কৰে৷ ধৃত ড্ৰাগ্ছ সৰবৰাহীটোৰ পৰা আৰক্ষীয়ে পোন্ধৰশটা ড্ৰাগ্ছভৰ্তি কণ্টেইনাৰ, পাঁচটা ম’বাইল ফ’ন আৰু এখন চাৰিচকীয়া বাহন জব্দ কৰে৷ আনহাতে সাতগাঁও আৰক্ষীয়ে নাগালেণ্ডৰ এগৰাকী ড্ৰাগ্ছ সৰবৰাহী মহিলাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ ধৃত ডিমাপুৰৰ মহিলাগৰাকীৰ নাম হাটনেইলহিং কুকি বুলি জানিব পৰা হৈছে৷ আনহাতে আৰক্ষীয়ে মহিলাগৰাকীৰ পৰা ৩০২ গ্ৰাম ব্ৰাউন ছুগাৰৰ লগতে নগদ বিশ হাজাৰ টকা জব্দ কৰে৷