ড্ৰাগছৰ কৰাল গ্ৰাসত ৰাজ্যৰ স্কুলীয়া ছাত্ৰ-ছাত্ৰী

0
41

অসমত অধিকাংশ স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে ভয়াৱহ ড্ৰাগছৰ কৰাল গ্ৰাসত পৰিছে৷ অৰ্থাৎ ড্ৰাগছৰ প্ৰতি অধিক আসক্ত হৈ কম বয়সীয়া স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকল৷ ৰাজ্যৰ এখন জিলাত স্কুলীয়া শিক্ষাৰ্থীয়ে এই ড্ৰাগছৰ কবলত পৰা কথা শেহতীয়াভাৱে পোহৰলৈ আহিছে৷ ৰাজ্যৰ শৈক্ষিক ৰাজধানী হিচাপে খ্যাত যোৰহাটত ড্ৰাগছ মাফিয়াই নৱ প্ৰজন্মক ড্ৰাগছৰ প্ৰতি আকৰ্ষিত কৰিবলৈ ভয়ংকৰ ব্লুপ্ৰিণ্ট তৈয়াৰ কৰিছে৷ যোৰহাট নগৰৰ লগতে ইয়াৰ উপকণ্ঠ এলেকাত এতিয়া বৰবিহস্বৰূপ ড্ৰাগছৰ অবাধ প্ৰচলনে ছাত্ৰ-ছাত্ৰীসকলক আসক্ত কৰি তুলিছে৷ জিলাখনৰ সীমান্তৱৰ্তী অঞ্চল নগালেণ্ডৰ পৰা চোৰাংভাৱে সৰবৰাহ হৈ থকা বৰবিহ ড্ৰাগছ এতিয়া উপকণ্ঠ অঞ্চলসমূহত সহজলভ্য হৈ পৰাত এই ড্ৰাগছ যুৱক-যুৱতীসকলে সেৱন কৰিবলৈ লোৱাত অশনি সংকেত কঢ়িয়াই আনিছে৷ ড্ৰাগছৰ নিচাত পৰি দিশহাৰা হৈ পৰিছে স্কুলীয়া ছাত্ৰ-ছাত্ৰী৷ যাৰ বাবে ভৱিষ্যৎ দেশৰ নাগৰিক হিচাপে এই শিক্ষাৰ্থীসকলে কোন দিশলৈ গতি কৰিছে, সেয়া সকলোৰে বিদিত৷ আনহাতে অতি উদ্বেগজনক কথাটো হ’ল ড্ৰাগছ মাফিয়াৰ ব্যৱসায় বিস্তাৰত ভৰি দিছে কম বয়সীয়া স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়েও৷ ইয়াৰ লগতে অবাধ গতিত বৃদ্ধি পোৱা ড্ৰাগছৰ ফলত সামাজিক পৰিৱেশ বিঘ্নিত হৈছে৷ উল্লেখ্য যে ড্ৰাগছ ব্যৱসায়ীয়ে ড্ৰাগছৰ বিস্তাৰৰ বাবে প্ৰথমে স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলক বিনামুলীয়াকৈ ড্ৰাগছৰ যোগান ধৰে আৰু যেতিয়া এই ড্ৰাগছৰ নিচাত পৰি এৰিব নোৱাৰা হয় তেতিয়া যেনেকৈ হ’লেও পইচা যোগাৰ কৰি ড্ৰাগছ ক্ৰয় কৰিবলৈ লয় আৰু ব্যৱসায়ীয়ে এনেদৰে ড্ৰাগছৰ ব্যৱসায় বৃদ্ধি কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here