ডেল্টা আৰু কাপা: কৰ’নাৰ নতুন ভেৰিয়েণ্টৰ নাম

0
1266

ভাৰতত পোৱা কৰ’না ভাইৰাছৰ দুটা ৰূপ বিশ্ব স্বাস্থ্য সংস্থাই নামকৰণ কৰিছে৷ ভাৰতে সৰ্বপ্ৰথমে চিনাক্ত কৰা কৰ’না ভাইৰাছৰ ভেৰিয়েণ্ট বি.১.৬১৭.১ক কাপা নাম দিয়া হৈছে৷ দেশখনত পোৱা আনটো ভেৰিয়েণ্ট বি.১.৬১৭.২ৰ নাম দিয়া হৈছে ডেল্টা৷ বিশ্ব স্বাস্থ্য সংস্থাই জনোৱা মতে, কৰ’না ভাইৰাছৰ বিভিন্ন ভেৰিয়েণ্টৰ নামকৰণ কৰিবলৈ গ্ৰীক বৰ্ণমালা ব্যৱহাৰ কৰা হৈছে৷ উল্লেখ্য যে ডেল্টা নামকৰণ কৰা ভেৰিয়েণ্ট বি.১.৬১৭.২ ভাৰতত সৰ্বপ্ৰথমে যোৱা অক্টোবৰত চিনাক্ত কৰা হৈছিল৷ বৰ্তমান এই ভাইৰাছ বিশ্বৰ ৫৩খনতকৈ অধিক দেশলৈ বিয়পিছে৷ উল্লেখ্য যে ভাৰতত সৰ্বপ্ৰথমে চিনাক্ত কৰাৰ বাবে ইয়াক ভাৰতীয় ভেৰিয়েণ্ট বুলি কোৱা হৈছিল আৰু ইয়াক লৈ বিতৰ্কৰো সৃষ্টি হয়৷ ভাৰত চৰকাৰেও ইয়াত আপত্তি জনাইছিল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here