ডিঙিৰ ‘ডবল চিন’ নোহোৱা কৰিবলৈ এই ব্যায়াম কৰক

0
62

বহুতেই ফটো উঠি ভাল পায়৷ কিন্তু এই ক্ষেত্ৰত সমস্যা হিচাপে দেখা দিয়ে ডিঙিৰ ডবল চিন অৰ্থাৎ ডিঙিত জমা হোৱা চৰ্বি৷ ডিঙিত জমা হোৱা চৰ্বিৰ কাৰণে ডিঙিটো ডাঙৰ হৈ দেখাত কুৎচিৎ দেখি আৰু গল আৰু মুখ প্ৰায় সমান হৈ পৰে৷ শৰীৰৰ আন ঠাইত চৰ্বি হ’লে বিভিন্ন উপায়, ব্যায়াম আদিৰে চেষ্টা কৰিলে চৰ্বি সহজে কমে যদিও ডিঙিত জমা হোৱা চৰ্বি কমাবলৈ কি ব্যৱস্থা গ্ৰহণ কৰিব৷ ডিঙিৰ ডবল চিন মাৰ নিয়াবলৈ, অৰ্থাৎ ডিঙিৰ চৰ্বি কমাবলৈ এই বিশেষ ব্যায়াম কৰিলে সুফল পাব পাৰে৷
আপুনি মুখ ধোওঁতে মুখেৰে পানী কুলুকুলু কৰে নি(য়৷ সেই একেদৰেই মুখত পানী লৈ কুলুকুলু কৰক৷ প্ৰথমে এটা অংশ আৰু পাছত আনটো ফালেৰে ২০-৩০ ছেকেণ্ডমান এনেদৰে কৰিব৷ তাৰ পাছত পানীখিনি থকাতে মুখখনৰ ভিতৰৰ ফাল টান কৰক৷
এইবাৰ আপোনাৰ জিভাখন বাহিৰলৈ উলিয়াই নাক স্পৰ্শ কৰাৰ চেষ্টা কৰক৷ ১০ ছেকেণ্ডমান জিভা বাহিৰ কৰি নাক স্পৰ্শৰ চেষ্টা কৰক৷ তাৰ পাছত ১০ ছেকেণ্ড জিৰণি লৈ পুনৰ একেদৰে কৰাৰ যত্ন কৰিব৷ এই ব্যায়াম কৰাৰ সময়ত গলত চাপ পৰে আৰু চৰ্বি কমাত সহায়ক হয়৷
মুখখন পাউট ভংগীত ব্যায়াম কৰিলে গলৰ চৰ্বি কমে৷ গালৰ চেপ ভিতৰৰ ফালে টানি অৰ্থাৎ কিবা বস্তু চুহাৰ দৰে নি কিছুক্ষণ এইদৰে কৰক৷ এইদৰে কেইবাৰমান কৰাৰ অভ্যাস কৰক৷ মুখৰ বঢ়া মেদৰ লগতে গলৰ চৰ্বিও কমাত এই অভ্যাসে সহায় কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here