ডায়েবেটিছ ৰোগীৰ বাবে কমলা টেঙা উপকাৰীনে ?

0
180


আমাৰ শৰীৰত ৰক্ত শৰ্কৰাৰ মাত্ৰা জানিবলৈ নিয়মিতভাৱে চেক কৰাটো অৱশ্যে কৰ্তব্য৷ আনহাতে শৰীৰৰ শৰ্কৰাৰ মাত্ৰা বৃদ্ধি পালে আন নিয়মসমূহ উপৰি খোৱাৰ খাদ্যৰ ক্ষেত্ৰতো যথেষ্ট সাৱধানতা অৱলম্বন কৰিবলগীয়া হয়৷ এই ক্ষেত্ৰত বহুতৰে মাজত প্ৰশ্ন হয় যে ছুগাৰৰ মাত্ৰা বেছি অৰ্থাৎ ডায়েবেটিছ ৰোগীয়ে কমলা টেঙা খোৱাটো শৰীৰৰ কাৰণে ভাল নে বেয়া৷ অৰ্থাৎ কমলা ডায়েবেটিছৰ বাবে উপকাৰীনে? বহুতেই ধাৰণা কৰে যে কমলা টেঙাৰ সোৱাদ মিঠা-টেঙা হোৱা হেতুকে ছুগাৰত আক্ৰান্ত লোকে খোৱা উচিত নহয়৷ কিন্তু http://www.health.com-এ জনাইছে যে কমলা টেঙা আচলতে ডায়েবেটিছ ফ্ৰেণ্ডলি খাদ্য৷ এতিয়া মূূল কথাটো হ’ল ডায়েবেটিছ ৰোগীয়ে যিমান ইচ্ছা সিমান কমলা টেঙা খাব পাৰে নে? এই বিষয়ে বিশেষজ্ঞই কিয় কয় জানো আহক৷ বিশেষজ্ঞই কোৱা মতে কমলা টেঙাৰ glycaemic index (GI) হ’ল ৪০-৪০, অৰ্থাৎ কমলা টেঙা খালে ইয়াৰ লগত কাৰ্বহাইড্ৰেট বা ছুগাৰ আমাৰ দেহৰ তেজৰ সৈতে লগতে মিলি নায়ায৷ এই উপাদানটো তেজৰ লগত মিলিবলৈ কিছু সময়ৰ প্ৰয়োজন হয়৷ কিয়নো কমলাচ যথেষ্ট পৰিমাণে ফাইবাৰ পোৱা যায়৷ যাৰ ফলত এইবোৰ হজম হ’বলৈ বেছ কিছু সময়ৰ দৰকাৰ হয়৷ এইধৰণৰ ৰোগীয়ে কমলা টেঙা সেয়ে পৰিমিত পৰিমাণত খোৱা উচিত৷ আনহাতে কমলা টেঙাৰ ৰস খোৱাৰ পৰিৱৰ্তে গোটা কমলা টেঙা খোৱাৰ পৰামৰ্শ দিছে বিশেষজ্ঞই৷ কাৰণ কমলা টেঙা ৰস হিচাপে খোৱাৰ ফলত বহুতো প্ৰয়োজনীয় ফাইবাৰ নষ্ট হৈ যায়৷ যাৰ ফলত ৰক্ত শৰ্কৰাৰ মাত্ৰা দ্ৰুতভাৱে বাঢ়ি যাব পাৰে৷ যিসকলে শৰীৰত ছুগাৰ নিয়ন্ত্ৰণত ৰাখিবলৈ দৈনিক ইনছুলিন, ইনজেকশ্যন ব্যৱহাৰ কৰে, তেওঁলোকে কমলা টেঙা খোৱা উচিত নহয়৷ অথবা কমলা টেঙা খোৱাৰ পূৰ্বে বিশেষজ্ঞৰ পৰামৰ্শ লোৱা উচিত৷ কমলা টেঙাত ভিটামিন-চি, ফোলেট তথা পটাচিয়াম থাকে৷ ইয়াৰ উপৰি ফ্লেভেনয়েড অণ্টিঅক্সিডেণ্ট আদিও যথেষ্ট পৰিমাণে কমলাত পোৱা যায়৷ সেয়ে কমলা টেঙা হাৰ্টৰ সুস্থতাৰ বাবে অত্যন্ত ভাল৷ কমলা খালে শৰীৰৰ কলেষ্টৰেলৰ মাত্ৰা কমাই দিব পাৰে৷ আনহাতে যিসকল লোকৰ ছডিয়াম, পটাচিয়ামৰ ভাৰসাম্য লৈ সমস্যা আছে, তেওঁলোকে এই ফলবিধ এৰি দিয়াই ভাল৷ যিসকল লোকৰ কিডনীজনিত সমস্যা আছে, তেওঁলোকৰ কাৰণে কমলা টেঙা কাৰ্যত বিষতুল্য৷ ইয়াৰ লগতে পেটৰ কিছুমান সমস্যা থাকিলে যেনে GERD, তেনে লোকে কমলা খালে হাৰ্ট বাৰ্ন, এচিড ৰিফ্লেক্সৰ দৰে সমস্যাই দেখা দিব পাৰে৷ উপৰিউক্ত এনেধৰণৰ সমস্যা থাকিলে চিকিৎসকসকলৰ পৰামৰ্শ লৈয়ে কমলা খোৱা উচিত৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here