পৰিৱৰ্তিত জীৱন ধাৰা আৰু ভুল খাদ্যাভ্যাসৰ কাৰণে সমগ্ৰ বিশ্বতে ডায়েবেটিছ ৰোগীৰ সংখ্যা দ্ৰুতভাৱে বাঢ়িবলৈ লৈছে৷ তেজত গ্লুকজৰ মাত্ৰা খুব বেছি বাঢ়ি গ’লে ব্লাড ছুগাৰত আক্ৰান্ত হোৱা বুলি ধৰি লোৱা হয়৷ শৰীৰত পৰ্যাপ্ত পৰিমাণৰ ইনছুলিন প্ৰস্তুত নহ’লে কোষবোৰে সঠিককৈ কাম কৰিব নোৱৰা হয়৷ তেতিয়া ডায়েবেটিছত আক্ৰান্ত বুলি কোৱা হয়৷ সেই সময়ত বিশেষকৈ খাদ্যৰ ক্ষেত্ৰত বিশেষ যত্ন লোৱা উচিত৷ ব্লাড ছুগাৰ স্বাভাৱিক ৰাখিবলৈ হ’লে কম গ্লাইছেমিক ইনডেক্সযুক্ত খাদ্য খোৱা ভাল৷ আনহাতে আয়ুৰ্বেদিক ভেষজেও ৰক্ত শৰ্কৰাৰ মাত্ৰা স্বাভাৱিক ৰখাত সহায় কৰে৷ তেনেহ’লে জানো আহক ডায়েবেটিছ ৰোগীয়ে বাবে বি ভেষজই কাৰ্যকৰী ভূমিকা লয়৷
ডায়েবেটিছ ৰোগীৰ ক্ষেত্ৰত নয়নতৰা গছে যাদুকৰী ঔষধ হিচাপে কাম কৰে৷ ইয়াৰ ৰস ডায়েবেটিছ ৰোগীৰ কাৰণে খুব উপকাৰী৷ নয়নতৰাৰ পাতৰ ৰস উলিয়াই সেৱন কৰিলে তেজত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণত থাকে৷
আয়ুৰ্বেদৰ মতে তিতা কেৰেলা ডায়েবেটিছৰ ৰোগীৰ বাবে আশীৰ্বাদৰ দৰে কাম কৰে৷ তিতা কেৰেলাই শৰীৰত শৰ্কৰাৰ মাত্ৰা স্বাভাৱিক ৰাখে৷ ইয়াত থকা পলিপেপটাইড-পি নামৰ ইনছুলিনৰ দৰে যৌগ পোৱা যায়, যিয়ে ৰক্ত শৰ্কৰাৰ মাত্ৰা কমোৱাত সহায় কৰে৷
জামে শৰীৰৰ ৰক্ত শৰ্কৰাৰ মাত্ৰা কমোৱাত সহায় কৰে৷ জামত এন্থোছায়ানিন, ইলাজিক এচিড তথা পলিফেনল পোৱা যায়৷ জামৰ জুচ ডায়েবেটিছ ৰোগীৰ কাৰণে উত্তম পথ্য৷ জামে ৰক্ত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণত ৰখাত সহায় কৰে৷ এই ফলবিধৰ গ্লাইছেমিক ইনডেক্স কম হোৱা কাৰণে ছুগাৰ থকা ৰোগীজনৰ বাবে খুব উপকাৰী৷ আনহাতে জামত যথেষ্ট পৰিমাণে ফাইবাৰ থাকে কাৰণে হজম শক্তি উন্নত কৰাত সহায় কৰে৷
স্বাস্থ্য বিশেষজ্ঞৰ মতে আমলখিত ভিটামিন-চি, এণ্টিঅক্সিডেণ্টৰ বৈশিষ্ট্য থাকে৷ সেয়ে আমলখিয়ে শৰীৰত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ ৰাখে৷ ইয়াত থকা এণ্টিঅক্সিডেণ্টে অক্সিডেটিভ ষ্ট্ৰেচ কমায়, যিয়ে ডায়েবেটিছ নিয়ন্ত্ৰণত ৰাখে৷
বহু শতাব্দী ধৰি আয়ুবেৰ্দিক ঔষধ হিচাপে গুৰমাৰ বা Gymnema sylvestre ব্যৱহাৰ হৈ আহিছে৷ ডায়েবেটিছ ৰোগীৰ কাৰণে Gymnema sylvestre-ৰ যথেষ্ট উপকাৰী৷ ই প্ৰাকৃতিক উপায়েৰে ডায়েবেটিছ নিয়ন্ত্ৰণত সহায় কৰে৷ Gymnema sylvestre-ৰ ব্যৱহাৰ কৰিলে ৰক্ত শৰ্কৰাৰ মাত্ৰা স্বাভাৱিক থাকে৷