ডায়েবেটিছ ৰোগীয়ে কুঁহিয়াৰৰ ৰস খোৱা উচিতনে?

0
11

কুঁহিয়াৰৰ ৰস আমাৰ স্বাস্থ্যৰ বাবে অত্যন্ত উপকাৰী৷ বিশেষকৈ প্ৰচণ্ড গৰমৰ দিনত গৰমৰ পৰা পৰিত্ৰাণৰ বাবে কুঁহিয়াৰৰ ৰস বিচাৰি বিচাৰি হ’লেও খোৱা হয়৷ অকল গৰমৰ পৰা সকাহ পাবলৈ নহয়, কুঁহিয়াৰৰ ৰসে শৰীৰত পানীৰ ভাৰসাম্য অটুট ৰাখে, শৰীৰৰ ভাগৰ-ক্লান্তি নোহোৱা কৰাৰ লগতে আন আন শৰীৰৰ উপকাৰ সাধন কৰে৷ কুঁহিয়াৰৰ ৰস খাবলৈ সোৱাদযুক্ত আৰু মিঠা হয়৷ এতিয়া মুল কথাটো হ’ল মিঠাযুক্ত হোৱা এই কুঁহিয়াৰৰ ৰস ডায়েবেটিছ ৰোগীয়ে খাব পাৰেনে নাই৷ সাধাৰণতে ছুগাৰ হ’লে চিকিৎসকে চেনি বা আন মিঠাজাতীয় খাদ্য খোৱাৰ বাধা দিয়ে৷ গতিকে কুঁহিয়াৰৰ ৰসত মিঠা হোৱা বাবে ডায়েবেটিছ ৰোগীয়ে খোৱা উচিতনে? এই খোকোজাৰ বিষয়ে জানো আহক৷ ছুগাৰৰ ৰোগীক সাধাৰণতে কম গ্লাইচেমিক ইনডেক্সযুক্ত খাদ্য খাবলৈ পৰামৰ্শ দিয়া হয়৷ কুঁহিয়াৰৰ ৰসত চেনিৰ উপৰি প্ৰাকৃতিক ভিটামিন, মিনাৰেল তথা এণ্টিঅক্সিডেণ্ট থাকে, যি শৰীৰৰ কাৰণে খুব উপকাৰী৷ কুঁহিয়াৰৰ ৰসে শৰীৰৰ এনাৰ্জিৰ লেভেল বঢ়াই শৰীৰৰ দুৰ্বলতাৰ নোহোৱা কৰে৷ আনহাতে কুঁহিয়াৰৰ ৰসত মূত্ৰবৰ্ধক গুণ আছে৷ কুঁহিয়াৰৰ ৰস সেৱন কৰাৰ ফলত শৰীৰৰ থকা টক্সিন প্ৰস্ৰাৱৰ মাধ্যমেৰে বাহিৰ হোৱাৰ সহায় কৰে৷ যি কাৰণে কিডনীৰ কাৰ্যকৰিতা আৰু বহু বেছি উন্নত হয়৷ ছুগাৰত ভোগা লোকসকলে আন চেনিযুক্ত পানীয় বাদ দি কুঁহিয়াৰৰ ৰস ইয়াৰ ভাল বিকল্প হ’ব পাৰে৷ অৱশ্যে খোৱাৰ পৰিমাণ লক্ষ্য কৰাটো জৰুৰী৷ ইয়াৰ লগতে ছুগাৰত ভোগাসকলে প্ৰত্যেকদিনে কুঁহিয়াৰৰ ৰস নাখাই মাজে-মধ্যে খালে সুফল পোৱা যায়৷ কিয়নো প্ৰতিদিনে কুঁহিয়াৰৰ ৰস সেৱন কৰিলে ছুগাৰৰ লেভেল বাঢ়ি যাব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here