ডায়েবেটিছ ৰোগীক উপবাসে কিদৰে সহায় কৰে

0
21

উপবাস একধৰণৰ শাৰীৰিক প্ৰক্ৰিয়া, য’ত শৰীৰটোৰ অংগসমূহৰ কাম কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণ ৰেহাই দিয়া হয়৷ আমাৰ শৰীৰটোৱে সকলো সময়তে ধান বনা মিলাৰ দৰে কাম কৰি থাকে৷ সকলো বস্তুৰে এটা জিৰণিৰ প্ৰয়োজন হয় যদিও শৰীৰটোৱে এই জিৰণি নাপায়৷ সেয়ে মাহেকে-পষেকে এদিন হ’লেও একো খাদ্য গ্ৰহণ নকৰি শৰীৰটোক জিৰণি দিয়াটো নিতান্তই আৱশ্যক, যি প্ৰক্ৰিয়াই গোটেই শৰীৰটোক পুনৰ কাৰ্যক্ষম কৰাত সহায় কৰে৷ বিশেষকৈ ডায়েবেটিছ ৰোগীৰ কাৰণে উপবাস যথেষ্ট উপকাৰী হ’ব পাৰে৷ উপবাসে থাকিলে শৰীৰৰ ওজন কমোৱাত সহায় কৰে৷ যদি মাজে মাজে উপবাসে থকা অভ্যাস কৰিলে ৰক্ত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণত থাকে৷ উপবাসৰ অভ্যাস কৰিলে শৰীৰৰ ইনছুলিন মাত্ৰা নিয়ন্ত্ৰণ থাকে বাবে ডায়েবেটিছ ৰোগৰ হোৱাৰ সম্ভাৱনা নাথাকে৷ আনহাতে ডায়েবেটিছ ৰোগীয়ে উপবাস থকাৰ অভ্যাস কৰিলে হৃদৰোগৰ সম্ভাৱনা কমি যায়৷ উপবাসে হৰমন যি ৰক্তপ্ৰবাহত থকা গ্লুকজ বাহিৰ কৰি দিয়াত সহায় কৰে৷ সঠিক পুষ্টি, বিশেষকৈ প্ৰ’টিন অবিহনে, পেশীৰ ভৰ হ্ৰাসৰ সম্ভাৱনা থাকে৷ ডায়েবেটিছ ৰোগীয়ে উপবাস থকাৰ আগেয়ে চিকিৎসকৰ পৰামৰ্শ অৱশ্যেই লোৱা উচিত৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here